ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন

Black-flag

ক'লা পতাকা প্ৰদৰ্শন

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত ক’লা পতাকা প্ৰদৰ্শন কৰে।

বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহলৈ গৈ থকাৰ সময়তে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদকাৰী সকলে দাসক চাবুৱাত ক’লা পতাকা দেখুৱায়।

নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰবল প্ৰতিবাদৰ সময়ত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহ প্ৰতিবাদকাৰী সকলে জ্বলাই দিছিল।

প্ৰতিবাদকাৰী সকলে বিজেপিৰ সভাপতি গৰাকী চাবুৱাত উপস্থিত হোৱাৰ সময়ত তেওঁক ক’লা পতাকা দেখুওৱাৰ লগতে গ’ বেক ধ্বনি দিয়ে।

বিজেপিয়ে চাবুৱাৰ বিধায়ক হাজৰিকাৰ বাসগৃহৰ সমীপতে এখন বৈঠক অনুষ্ঠিত কৰিছিল কিন্তু নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদকাৰী সকলে উক্ত স্থানত উপস্থিত হৈ বিজেপিৰ সভাপতি গৰাকীক ক’লা পতাকা দেখুৱায়।

প্ৰতিবাদকাৰী সকলে সমবেত হৈ ‘‘হয় কা বাতিল কৰক, নহয় আমাক গ্ৰেপ্তাৰ কৰক’’ শ্লোগান দিয়ে।

আনহাতে, ‘কা’ বিৰোধী প্ৰতিবাদকাৰী সকলে আইনখনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিজেপি কৰ্মীসকলে ‘কা’ৰ সমৰ্থনত শ্লোগান দিয়াক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হ’বলৈ ধৰাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ঘটনা সম্পৰ্কত মত ব্যক্ত কৰি বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰতিবাদকাৰী সকলে ঘৰ জ্বলাই দিয়া বিজেপিৰ বিধায়ক গৰাকীৰ খবৰ ল’বলৈ অহা বুলি কয়।

‘‘প্ৰতিবাদাকাৰী সকলে তেওঁলোকক হত্যা কৰাৰ বাবে পৰিকল্পনা কৰিছিল কিন্তু সেই পৰিকল্পনা সফল নহ’ল। আমাৰ সতীৰ্থ গৰাকীৰ খবৰ লোৱাতো আমাৰ নৈতিক দায়িত্ব,’’ দাসে কয়।

‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত বহু বিজেপি জিলা আৰু গাঁও পঞ্চায়তৰ সদস্যই দলৰ পৰা পদত্যাগ কৰিছিল।