এন আৰ চি সন্দৰ্ভত অকৰ্তৃত্বশীল মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ

l_Ranjit-Das-1502260320

ৰঞ্জিত দাস। ফাইল ফটো।

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰসংগত সংবাদ মাধ্যমৰ আগত মুখ খোলা বাবে অলপতে ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল এন আৰ চিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলা।

কিন্তু এইবাৰ সংবাদ মাধ্যমৰ আগত এন আৰ চিক লৈ অকৰ্তৃত্বশীল মন্তব্য কৰিছে প্ৰক্ৰিয়াটোৰ সৈতে কোনো সম্পৰ্ক নথকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ নহয় এই এন আৰ চিৰ কাম। লগতে তাৰ বাবে তেওঁ জগৰীয়া কৰিলে ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ সমূহক।

ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কয়, “বিদেশী ন্যায়াধিকৰণে ইমান দিনে ‘ডি ভোটাৰ’ৰ সমস্যাটো সমাধান কৰিব পৰা নাই। য’ত নেকি ১০০খন বিদেশী ন্যায়াধিকৰণ আছে। গতিকে এন আৰ চিৰ খচৰাৰ পৰা যি সকল লোকৰ নাম বাদ পৰিছে, মই নাভাবো যে তেওঁলোকৰ ক্ষেত্ৰত শুনানি গ্ৰহণ কৰি অতি সোনকালে এই কাম সমাপন কৰিব পাৰিব।”

কেৱল ইমানেই নহয় বিদেশীৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাক লৈও ৰঞ্জিত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। লগতে এন আৰ চিৰ কামত ভাৰতীয় লোককহে নিয়োজিত কৰাৰ দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে।

অৰ্থাৎ দাসে পাকে প্ৰকাৰে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ ভিতৰুৱা খা-খবৰ প্ৰতিপল পাই থাকে বুলি বুজালে। লগতে এই প্ৰক্ৰিয়াটোত নিয়োজিত হোৱা কৰ্মচাৰীৰ সন্দৰ্ভতো তেওঁৰ সন্দেহে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

তেওঁ কয়, “আগন্তুক দিনত ভাৰতীয় মানুহেহে যেন এন আৰ চিৰ কামৰ দায়িত্ব পায় আৰু স্থানীয় মানুহে যেন এই দায়িত্ব নাপায় তাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ স্থানীয় মানুহ দায়িত্বত থকা বাবে কিছুমান অঞ্চলত এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্তিৰ সংখ্যা বেছিকৈ দেখিছো আৰু কিছুমান ঠাইত কমকৈ দেখিছো।”

ইয়াৰ উপৰিও ২৮ আগষ্টৰ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পাছতহে বহু কথা স্পষ্ট হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে।

উল্লেখ্য যে এন আৰ চিক লৈ মন্তব্য কৰি প্ৰতীক হাজেলাৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল। কিন্তু এন আৰ চি সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে সকীয়াই থকাৰ পাছতো বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ এই মন্তব্যই দলটোৰ সভাপতিৰ দৰে গুৰু দায়িত্বত থকা ব্যক্তিজনৰ দায়িত্বহীনতাকে প্ৰকাশ কৰিলে।