‘নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে অস্ত্ৰ সম্বৰণ কৰিলে; ৰিপুণ বৰাৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল’ : ৰূপম গোস্বামী

‘বিজেপিয়ে পুনৰাই অসমৰ সকলো ৰাইজৰ উন্নতি ঘটাই অসমখনক ন ৰূপত প্ৰতিষ্ঠা কৰিছে’, ৰূপম গোস্বামী

Rupam Goswami

‘নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অস্ত্ৰ সম্বৰণ কৰিলে। তেওঁৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল।‘ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয় বিজেপিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক জনোৱা প্ৰত্যাহ্বানৰ আগত ৰিপুণ বৰাই সেও মানিলে বুলি দাবী কৰি গোস্বামীয়ে লগতে কয় ‘ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই ৰিপুণ বৰালৈ মুকলি প্ৰত্যাহ্বানৰ জনাই কৈছিল যে, ২০২১ ত বিজেপি দলে অসমত ভবা মতেই আসন লাভ কৰি চৰকাৰ গঠন কৰিব, যদি এয়াই সফল নহয় তেনে হ’লে সভাপতি ডাঙৰীয়াই সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব। আৰু তেখেতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে একেই পণ লবলৈ প্ৰত্যাহ্বান জনাইছিল। ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিজৰ দুৰ্বলতাৰ দিশটো উদঙাই কয় যে, নিৰ্বাচনত হাৰিলেও কংগ্ৰেছে ৰাইজৰ লগত থাকি কাম কৰি যাব।‘

‘ইয়ে কংগ্ৰেছ সভাপতি ৰিপুণ বৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ আগত যে তেনেই নিশকতীয়া তাকেই প্ৰতিপন্ন কৰে।‘ গোস্বামীয়ে লগতে কয়।

ইপিনে, বিজেপিয়ে বিভিন্ন আঁচনিৰ নামত দুৰ্নীতি কৰা বুলি সততে কংগ্ৰেছে কৰা অভিযোগৰ পাছত উভটি ধৰি গোস্বামীয়ে কয় ‘কংগ্ৰেছৰ দিনত MGNREGA, স্কুল প্ৰাদেশিকীকৰণ আদিৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হৈছিল। আনকি বিজেপিৰ সমালোচনা সদায়েই মুখত থকা ৰিপুণ বৰা শিক্ষামন্ত্ৰী থকা সময়তো ১৯৯১ চনৰ পৰা অসমৰ ৰাইজে দাবী কৰি থকা স্কুল প্ৰাদেশিকীকৰণ কৰিবলৈ সামৰ্থ হোৱা নাছিল, যিটো বিজেপি চৰকাৰে মাত্ৰ ৪ বছৰতে সম্ভৱ কৰি তুলিলে। তদুপৰি কংগ্ৰেছৰ দিনত MGNREGA আঁচনিৰ টকাও সৰ্ব সাধাৰণ ৰাইজৰ বাবে ব্যয় হোৱা নাছিল, ইয়াত ব্যাপক অনিয়ম ঘটিছিল। এই আঁচনিৰ টকা তেওঁলোকে বলেৰ’ গাড়ী কিনি জিলাই জিলাই বিলাইছিল, এই কথা প্ৰকাশ কৰিছিল কংগ্ৰেছৰ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্বয়ং জয়ৰাম ৰমেশে।’

গোস্বামীয়ে লগতে কয় ‘কিন্তু বিজেপি চৰকাৰৰ দিনত MGNREGA আঁচনিৰ অধীনত ৬৫০ লাখ কৰ্ম দিন ধার্য কৰি প্ৰায় ২১৮ লাখ কৰ্ম দিন সম্পূৰ্ণ কৰিছে, ১১ লাখ পৰিয়ালে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকে বেংক একাউণ্ট যোগে ৪৬৬ কোটি টকা পাবলৈ সক্ষম হৈছে। ১৫ বছৰীয়া শাসনত কংগ্ৰেছে কেগৰ প্ৰতিবেদনৰ ৪৭ হাজাৰ কোটি টকাৰ ব্যৱহৃত প্ৰমাণ পত্ৰ দিবলৈ অসমৰ্থ হৈছিল।’

ইপিনে, কংগ্ৰেছে ১৫ বছৰে গোটেই থৈ যোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, ব্যাপক অনিয়মৰ বোজাবোৰ বিজেপিয়ে পৰিষ্কাৰ কৰাই নহয় পুনৰাই অসমৰ সকলো ৰাইজৰ উন্নতি ঘটাই অসমখনক ন ৰূপত প্ৰতিষ্ঠা কৰিছে বুলি দাবী কৰি গোস্বামীয়ে লগতে কয় ‘কংগ্ৰেছ দলে ১৫ টা বছৰত অসমৰ যি উন্নতি কৰিলে, তাতকৈ চাৰি গুণ বেছি উন্নতি বিজেপি মিত্ৰজোঁট চৰকাৰে মাত্ৰ চাৰি বছৰতে কৰিলে।’

ৰাজ্যিক বিজেপি মুখ্য মুখপাত্ৰ গৰাকীয়ে আৰু কয় ‘বিজেপিয়ে শক্তি আহৰণ কৰে অসমৰ থুলৱা জাতি-জনগোষ্ঠী, অসমৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শক্তি পীঠ মা কামাখ্যাৰ পৰা আনহাতে, কংগ্ৰেছ দলে শক্তি আহৰণ কৰিছে মিৰ্জাফৰৰ নিচিনা ব্যক্তিৰ পৰা।’

আনহাতে, উক্ত সংবাদমেলতে কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতাৰ সম্পৰ্কত মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, ‘তেওঁলোক একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। তেওঁলোকৰ মিত্ৰতা পূৰ্বৰ পৰাই আছে, আগতে পৰোক্ষভাৱে আছিল বৰ্তমানে প্ৰত্যক্ষভাৱে কৰিব বিচাৰিছে। নিৰ্বাচনৰ সন্মুখ সমৰত এই মিত্ৰজোঁটে ইতিমধ্যেই অস্ত্ৰ সম্বৰণ কৰি পলাই পত্ৰঙ দিলে।‘

ইপিনে, অখিল গগৈয়ে কালি আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক ঐক্যবদ্ধ হৈ বিজেপিক উৎখাত কৰিবলৈ জনোৱা আহ্বানৰ পাছত তেওঁক আমাৰ সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় ‘অখিল গগৈৰ আহ্বানৰ ওপৰত জনসাধাৰণে ক’ব, মই কমেন্ট নিদিওঁ।’