NORTHEAST NOW (Assamese)

পুৰণি বিজেপি ৰাজেন গোঁহাইক নতুন দায়িত্ব; ননীগোপাল মহন্তলৈও বিশেষ মৰ্যাদা কেবিনেটৰ

July 22, 2021 3:30 pm · কল্পজ্যোতি শইকীয়া
ৰাজেন গোঁহাই আৰু ননীগোপাল মহন্ত।

অধ্যাপক ননীগোপাল মহন্ত আৰু পুৰণি বিজেপি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক বিশেষ মৰ্য্যদা প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে।।

ননী গোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্য্যদা প্ৰদানৰ বিপৰীতে ৰাজেন গোহাঁইক  কেবিনেট মন্ত্ৰীৰ মৰ্য্যদা প্ৰদান কৰা হৈছে।

ৰাজেন গোহাঁইক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজ্যৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননীগোপাল মহন্তক।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত।

উল্লেখযোগ্য যে, কালি সংঘ পৰিচালক মোহন ভগৱতে ননী গোপাল মহন্তৰ এখন গ্ৰন্থ উন্মোচন কৰিছিল। তাৰ পাছতে কেবিনেটত গ্ৰহণ কৰা হৈছে ৰাজ্যিক মন্ত্ৰী আৰু শিক্ষাবিভাগৰ উপদেষ্টা নিযুক্তিৰ সিদ্ধান্ত।

Related News