আজি প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।
ৰাজ্যিক কেবিনেটত আজি বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
কেবিনেট বৈঠকৰ শেষত সংবাদ মেল যোগে পাটোৱাৰীয়ে কেবিনেটৰ সিদ্ধান্ত সমূহ বিষয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি যে ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ হ’ব নতুন শিক্ষাবৰ্ষৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায়৷
নাবাৰ্ডৰ পৰা ৰাজ্য চৰকাৰক ৩৩৮.২৮ কোটি ঋণ লোৱাৰ বাবেও ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে৷ এই টকা অৰ্থনৈতিক উত্তৰণত খৰছ কৰা হ’ব বুলি জনায় পাটোৱাৰীয়ে৷
আনহাতে অশোক কাগজ কলৰ ১৮০০ বিঘা মাটিৰ ২০০ বিঘাত আন্তঃৰাষ্ট্ৰীয় লজিষ্টিক হাব স্থাপন বাবে মাটি আৱন্টন দিছে ৰাজ্যিক কেবিনেটে। মন্ত্ৰী পোটাৱাৰীৰ মতে এইটোৱে হ’ব ভাৰতৰ প্ৰথম হাব।
নিবনুৱা সমস্যা সমাধান কৰাৰ বাবেও বিশেষ পদক্ষেপ লোৱা হৈছে বুলি জনায় মন্ত্ৰী পাটোৱাৰীয়ে৷
যিকোনো উদ্যোগপতিয়ে নিজৰ উদ্যোগ স্থাপন কৰিবলৈ হ’লে তিনি বছৰৰ বাবে অনুমতি অনুমতি লোৱাৰ প্ৰয়োজন নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে৷উদ্যোগ বিভাগৰ আয়ুক্তই দিয়া অনুমতি পত্ৰখনেই অনুজ্ঞাপত্ৰ বুলি গণ্য কৰা হ’ব৷
Msmeৰ নতুন অধিসূচনাত অনুমোদন কেবিনেটৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত নীতি নিয়ম শিথিল হব৷ দুমাহৰ ভিতৰত সকলো অনুজ্ঞা পত্ৰ লাভ কৰিব৷
নিজ নিজ দায়িত্বসমূহ সকলো মন্ত্ৰীকে পালন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলিও তেওঁ জনায়৷
ৰাজ্যত সংহাৰা ৰূপ ধাৰণ কৰা বানপানী সন্দৰ্ভত বিতং আলোচনা হয় আজিৰ কেবিনেটত ৷
ইপিনে জিএছটৰ বিল দিয়াৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে৷
আনহাতে ব্যৱসায়ীসকলক মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনাই পাটোৱাৰীয়ে কয় যে, যদিহে মূল্যবৃদ্ধি কৰে তেনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।
অসম কলেজ এম্পলয়ছ প্ৰভিন্সিয়াল এক্ট ২০০৫ অনুসৰি অৱসৰ লোৱাসকলে চিপিএফ ঘূৰাই দিলেহে পাব পেঞ্চন বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
ইফালে বিভিন্ন ৰাজ্যৰ অসম ভৱনসমূহত কৰ্মৰত কৰ্মচাৰীসকলক এতিয়াৰ পৰা বদলি কৰিব পৰা হ’ব বুলি কয় পাটোৱাৰীয়ে।