আম্বানিৰ আইনী জাননীৰ প্ৰতিক্ৰিয়া : পুঁজিপতি গোষ্ঠীৰ সকীয়নিত শিৰনত নকৰে প্ৰদেশ কংগ্রেছে

IMG-20180912-WA0012-750x375

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল। ফাইল ফটো

স্বৰাজোত্তৰ ভাৰতৰ সবাতোকৈ বৃহৎ সামৰিক কেলেংকাৰি হিচাবে অভিহিত কৰা তথা মোডী চৰকাৰৰ দিনত সংঘটিত হোৱা “ৰাফেল যুদ্ধ বিমান “ক্ৰয় কেলেংকাৰিৰ সন্দৰ্ভত মন্তব্য নিদিবলৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক অনিল আম্বানি নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ হৈ তেওঁৰ অধিবক্তা গোটে এখন সকীয়নিমূলক আইনী জাননী প্ৰেৰণ কৰিছিল।

প্ৰদেশ কংগ্রেছে আম্বানি গ্ৰুপৰ এনে কার্যক অতি দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এনে কার্যৰ দ্বাৰা গণতান্ত্রিক শাসন ব্যৱস্থাৰ অন্যতম স্তম্ভ বাক্ স্বাধীনতা আৰু মতামত ব্যক্ত কৰাৰ অধিকাৰ খর্ব কৰি ইয়াক হত্যা কৰিবলৈ অপচেষ্টা আৰু ষড়যন্ত্র কৰিছে বুলি অভিহিত কৰিছে।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে গণতান্ত্রিক শাসন ব্যৱস্থাৰ অধীনৰ সংসদীয় ৰাজনীতিত এক দায়িত্বশীল বিৰোধী দল হিচাবে ৰাজহুৱা ধনৰ সৎ ব্যৱহাৰ আৰু দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত প্ৰতিটো বিষয়তে শাসকীয় পক্ষ অৰ্থাৎ চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰা আৰু যেতিয়া চৰকাৰে জনমতক আওকাণ কৰে তেতিয়া ইয়াৰ বিৰুদ্ধে ৰাইজৰ হৈ প্ৰতিবাদ কৰাটো অন্যতম প্রধান দায়িত্ব।

‘’নিখিল ভাৰত কংগ্রেছ কমিটিৰ নিৰ্দেশ অনুসৰি প্ৰদেশ কংগ্রেছৰ সভাপতি হিচাবে ৰিপুণ বৰা ডাঙৰীয়াইও অতি দায়ৱদ্ধতাৰে, নিষ্ঠাৰে, বিৰোধী দলৰ ভূমিকা পালন কৰিছে।গণতান্ত্রিক প্ৰমূল্যবোধৰ হকে গণতান্ত্রিক অধিকাৰ সমূহ নিষ্ঠাৰে কংগ্রেছ দলে পালন কৰি যাব । কোনো পুঁজিপতি গোষ্ঠীৰ সকীয়নিত শতবৰ্ষ গৰকা কংগ্রেছ দলে শিৰনত নকৰে,’’-বিবৃতিটোত কোৱা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে ‘’চৰকাৰী পক্ষ আৰু পুঁজিপতি গোষ্ঠীয়ে যিমানেই সকীয়নি নিদিয়ক কিয় বা হেঁচা প্রয়োগ নকৰক কিয়, কংগ্রেছ দলে সৰ্বসাধাৰণ ৰাইজৰ স্বার্থত সদায়ে মাত মাতি যাব। অচ্ছে দিনৰ প্ৰতিশ্ৰুতিৰে কেন্দ্রত চৰকাৰ গঠন কৰা মোডী চৰকাৰ আৰু পৰিৱর্তনৰ প্ৰতিশ্ৰুতিৰে অসমত চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰৰ পৰা প্ৰতিশ্ৰুতি পূৰণৰ হিচাপ বিচাৰি তথা জনবিৰোধী পদক্ষেপসমূহৰ বিৰুদ্ধে সজোৰে মাত মাতি যাব। কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ অসমবাসীক কৰা বিশ্বাসঘাতকতা, ভুৱা প্ৰতিশ্ৰুতি আৰু মিথ্যাচাৰসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ প্ৰদেশ কংগ্রেছে দুগুণ উৎসাহেৰে কাম কৰি যাব।

কোঁৱৰে বিবৃতিটোত লগতে জানিবলৈ দিয়ে যে প্ৰদেশ কংগ্রেছে ইতিমধ্যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে “বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক “শীর্ষক এলানি কায্যসূচী গ্ৰহণ কৰিছে। প্ৰথম পৰ্য্যায়ৰ এইলানি কাৰ্য্যসূচীত ৰাইজৰ ব্যাপক সঁহাৰি পোৱা গৈছে। এই কাৰ্য্যসূচীৰ দ্বিতীয়লানি সভা অহা ২২ ছেপ্টেম্বৰৰ পৰা তত্বাৱধায়ক শ্ৰীযুত হৰিশ ৰাৱটৰ উপস্থিতিত পুনৰ আৰম্ভ কৰা হ’ব।

প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিবলগীয়া এই কাৰ্যসূচী অনুসৰি অহা ২৩ ছেপ্টেম্বৰত নলবাৰীত, ২৫ ছেপ্টেম্বৰত চৰাইদেউত, ২৬ ছেপ্টেম্বৰত শিৱসাগৰত, ২৭ ছেপ্টেম্বৰত যোৰহাটত, ২৮ ছেপ্টেম্বৰত গোলাঘাটত “বিজেপি চৰকাৰ হিচাপ দিয়ক, উত্তৰ দিয়ক “শীর্ষক কায্যসূচী অনুষ্ঠিত হ’ব।