পঞ্চায়ত নিৰ্বাচনৰ বাবে সময় বিচাৰি আৱেদন জনাবলৈ সাজু ৰাজ্যিক নিৰ্বাচন আয়োগ

Panchayat-570x320

প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যখনৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ অধীনৰ পঞ্চায়তসমূহৰ কাৰ্যকাল অন্ত পৰাৰ বিষয়টো সন্মুখত ৰাখি উচ্চ ন্যায়ালয়ে ৰাজ্যিক নিৰ্বাচন আয়োগক তথা ৰাজ্য চৰকাৰক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ  নিৰ্দেশ দিছিল যদিও এই সময়ছোৱাৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে নিৰ্বাচন আয়োগে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পাছতো উক্ত সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাত অপাৰগতা প্ৰকাশ কৰি আয়োগে ন্যায়ালয়ত আবেদন জনাব। সোমবাৰে  নিৰ্বাচন আয়ুক্ত এইচ এন বৰাই জানিবলৈ দিয়ে যে ন্যায়ালয়ৰ নিৰ্ধাৰিত সময়ত নিৰ্বাচন পাতিব নোৱাৰি আয়োগে সময় বিচাৰি আৱেদন জনাব।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত বৰাই লগতে কয় যে পঞ্চায়তে নহয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত কৰিবলগীয়া হৈ আছে। একেদৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ লগতে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ কাৰ্যকালো অহা ডিচেম্বৰত অন্ত পৰিব। কিন্তু এন আৰ চিৰ কাম চলি থকাৰ বাবে স্বায়ত্ত পৰিষদৰ লগতে স্থানীয় প্ৰশাসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনো অনুষ্ঠিত কৰিব পৰা নাই।

আনহাতে, ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱৰা সম্পৰ্কত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত বৰাই কয় যে প্ৰথম অৱস্থাত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ সময় ৩০ জুন নিৰ্ধাৰণ কৰি দিছিল। ৩০ জুনৰ পৰিৱৰ্তে ৩০ জুলাইলৈ খচৰা প্ৰকাশৰ সময় বৃদ্ধি কৰাৰ ফলত পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱাৰ সময় কমি আহিল। সেয়েহে, ন্যায়ালয়ত অধিক সময় বিচাৰি আয়োগে প্ৰাৰ্থনা জনাব।

ইপিনে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পাছত ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ বাবে সাজু হৈছিল। এতিয়া ৰাজ্যিক নিৰ্বাচন আয়োগে অধিক সময় বিচাৰি ন্যায়ালয়ত আৱেদন জনাবলৈ সাজু হোৱাত  পঞ্চায়ত নিৰ্বাচন কেতিয়ালৈ অনুষ্ঠিত হ’ব সেয়া পুনৰ অনিশ্চিত হৈ পৰিল।