উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

হিমাচল প্ৰদেশৰ আবকাৰী আৰু আয়কৰ বিভাগে আদানি গ্ৰুপৰ মালিকানাধীন কোম্পানী আদানি উইলমাৰ লিমিটেডৰ সঞ্চয় আৰু পুঁজি পৰীক্ষা কৰিছে। বুধবাৰে সন্ধিয়া আবকাৰী আৰু আয়কৰ বিভাগৰ পাৰৱানু (দক্ষিণ) শাখাৰ বিষয়াসকলে কোম্পানীৰ পাৰৱানু ৱেৰহাউচত অভিযান চলায়। অৱশ্যে, তদন্তকাৰী বিষয়াসকলে এই অভিযানত কোনো গোপন নথি বা তথ্য পাইছে নে নাই সেয়া এতিয়াও প্ৰকাশ হোৱা নাই। বাতৰি মতে অভিযানটো এটা “নিয়মীয়া তালাচী” আছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টক কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ শেহতীয়া প্ৰতিবেদন মুকলিকৈ ওলাই অহাৰ পিছত গৌতম আদানিৰ মালিকানাধীন আদানি গ্ৰুপ প্ৰশ্নৰ সন্মুখীন হৈছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে আদানি কোম্পানীয়ে যোৱা এটা দশক ধৰি শ্বেয়াৰৰ হেৰফেৰ কৰি আহিছে। তাৰ ফলত আদানিৰ শ্বেয়াৰত পতন নামিছে।

সম্প্ৰতি সেই প্ৰতিবেদনক লৈ বিজেপি আৰু বিৰোধীয়ে প্ৰতিদিনে সংসদ কঁপাই তুলিছে। বিৰোধীয়ে দাবী কৰিছিল যে আদানি গোচৰৰ তদন্তৰ বাবে এখন যুটীয়া সংসদীয় সমিতি গঠন কৰা উচিত। মোডীৰ শাসনকালত আদানি গ্ৰুপৰ কেনেকৈ ইমান উত্থান হৈছিল তাৰ উত্তৰ বিচাৰি বিৰোধীয়ে সংসদতো সোচ্চাৰ হৈ পৰিছে। অৱশ্যে, সংসদৰ বিৰোধী দলবোৰৰ ভিতৰত কংগ্ৰেছে আদানি কেলেংকাৰীৰ ওপৰত আটাইতকৈ বেছি সৰৱ হোৱা দেখা গৈছে।

উল্লেখ্য যে  কংগ্ৰেছে শেহতীয়াকৈ হিমাচল প্ৰদেশত বিজেপিক উৎখাত কৰিছিল আৰু ৰাজ্যত ক্ষমতা দখল কৰিছিল। কংগ্ৰেছৰ সুখবিন্দৰ সিং সুখু মুখ্যমন্ত্ৰী হৈছে। আদানি কেলেংকাৰী আৰম্ভ হোৱাৰ লগে লগে আবকাৰী আৰু আয়কৰ বিষয়াসকলে সেইখন ৰাজ্যৰ আদানি গ্ৰুপৰ এটা কোম্পানীৰ কাৰ্যালয়ত তালাচী চলাইছে।

আবকাৰী বিভাগৰ সূত্ৰ অনুসৰি, অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ত থকা আদানি উইলমাৰে প্ৰতি বছৰে ৰাজ্যিক আৰক্ষী বিভাগ আৰু অসামৰিক সেৱা বিভাগকো সামগ্ৰী যোগান ধৰে। যোৱা বছৰ ৰাজ্যখনত কোম্পানীটোৰ ১৩৫ কোটি টকাৰ লেনদেন হৈছিল। ৰাজ্যিক আবকাৰী বিভাগৰ সূত্ৰ অনুসৰি, আদানি গ্ৰুপৰ মুঠ সাতটা কোম্পানীয়ে হিমাচল প্ৰদেশত ব্যৱসায় চলাই আছে।