NORTHEAST NOW (Assamese)

মাজুলীত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ

June 17, 2019 10:00 am · এন ই নাও নিউজ
Updated: June 17, 2019 10:08 am
ফটো : য়ু বি

গুৰু জনাৰ আদৰ্শৰে আমি বৃহত্তৰ অসমীয়া সমাজখনক শক্তিশালী ৰূপত গঢ় দিব লাগিব। সতী ৰাধিকা শান্তিৰ আদৰ্শক আমি নৱ প্ৰজন্মৰ মাজলৈ লৈ যাব লাগিব। এইগৰাকী মহিয়সী নাৰীৰ আদৰ্শক জীয়াই ৰাখিবলৈ ৰাজ্য চৰকাৰে মাজুলীত এখন সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ গঢ় দিব’। দেওবাৰে মাজুলীত মুখ্য মন্ত্ৰী সোণোৱালে এই মন্তব্য কৰে।

মাজুলীৰ দয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত মাজুলী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু জিলাখনৰ অনুসূচিত জাতিৰ জনসাধাৰণে আয়োজন কৰা সতী ৰাধিকা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থকা মুখ্য মন্ত্ৰী সোণোৱালে কয় যে সতী ৰাধিকা হ’ল সততা, নিষ্ঠা, ধৈৰ্য, শান্তি আৰু সাহসিকতাৰ প্ৰতীক।

ইয়াৰ উপৰি সতী ৰাধিকাৰ আদৰ্শৰ আধাৰত সমাজখন শক্তিশালী কৰিব লাগিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। সতী ৰাধিকাৰ আদৰ্শৰে উদ্বুদ্ধ হৈ অনুসূচীত জাতিৰ সৰ্বাংগীন উন্নয়নৰ আবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

উক্ত অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়কদ্বয় বিমল বৰা আৰু দেৱানন্দ হাজৰিকাৰ লগতে আন বহুতো গণ্য মান্য লোক উপস্থিত থাকে।

Related News