NORTHEAST NOW (Assamese)

ভয়ংকৰ গণ সংক্ৰমণৰ মাজতে গুৱাহাটীত লকডাউনৰ শিথিলতাৰ কিছু সালসলনি

July 5, 2020 1:22 pm · কল্পজ্যোতি শইকীয়া

গুৱাহাটীত চলি থকা লকডাউনৰ কালি কিছু কিছু ক্ষেত্ৰত শিথিলতা অনা বুলি নিৰ্দেশনা জাৰি কৰিছিল যদিও সেই শিথিলতাৰ কিছু কিছু ক্ষেত্ৰত  আজি পুনৰ সালসলনি আনিছে।

কাইলৈৰ পৰা অৰ্থাৎ ৬ জুলাইৰ পৰা ১২ জুলাইলৈ কিছু কিছু ক্ষেত্ৰত অনা হৈছে শিথিলতা।

অকলে থকা গেলা মালৰ দোকানসমূহ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে অৰ্থাৎ ৬ জুলাইৰ পৰা ১০ জুলাইলৈকে দিনৰ পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব।

দোকানৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মাস্ক, হেণ্ডগ্লোভচ আৰু গ্ৰাহকৰ বাবে ৰাখিব লাগিব হেণ্ড চেনিটাইজাৰ।

তদুপৰি, তেওঁলোকে মানি চলিব লাগিব সামাজিক দূৰত্ব।

ইয়াৰোপৰি উক্ত দুটা দিনত কাইলৈ অৰ্থাৎ ৫ জুলাই আৰু ৭ জুলাইৰ দিনা পাইকাৰী দোকান সমূহ খুলিব পাৰিব। বিয়লি ১২ বজাৰ পৰা ৬ বজালৈকে এই বিপনীসমূহ খুলিব পাৰিব।

শিথিলকৰণত সালসলনি ঘটাই দিয়া নিৰ্দেশ পত্ৰখন।

আনহাতে, FCI ৰ সকলো কাম কাজ কাইলৈৰ পৰা আৰম্ভ কৰিব পাৰিব। মাথোঁ ল’ডিং আনল’ডিং কৰাৰ সময়ত সামাজিক দূৰত্ব মানি চলিব লাগিব।

অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহে কামৰূপ মহানগৰৰ ভিতৰত কোনো ষ্টপেজত নৰখোৱাকৈ যাব পাৰিব।

সেইদৰে, ৬ জুলাই আৰু ৮ জুলাইৰ দিনা ঘৰে ঘৰে শাক-পাচলি ফলমূল বিক্ৰী কৰিব পাৰিব। পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে।

ঔষধৰ পাইকাৰী বিক্ৰীত ৬ জুলাই আৰু ৮ জুলাইৰ দিনা পুৱা ১০ বজাৰ পৰা ৩ বজালৈকে অনুমতি দিয়া হৈছে।

তদুপৰি, পশু চিকিৎসা কেন্দ্ৰ, ঔষধৰ বিপনীসমূহ ৬ জুলাই আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।

Related News