এন আৰ চি প্ৰকাশৰ দিন চমু চাপি অহাৰ মাজতে ৰাজ্যত স্থাপন কৰা হ’ব আৰু ৪০০ ন্যায়াধিকৰণ

NRC-new

এন আৰ চিৰ পৰীক্ষণ প্ৰক্ৰিয়া। ফাইল ফটো

চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে অসম চৰকাৰে ৰাজ্যখনত বিদেশী ন্যায়াধিকৰণৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰাৰ বাবে এন আৰ চি উন্নীতকৰণৰ কাম প্ৰায় শেষৰ পিনে আগবঢ়াৰ মাজতে ৰাজ্য চৰকাৰে আগন্তুক ছয় মাহৰ ভিতৰতে বিদেশী ন্যায়াধিকৰণৰ সংখ্যা বৰ্তমানৰ ১০০ খনৰ পৰা ৫০০ খনলৈ বৃদ্ধি কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে।

এই অতিৰিক্ত বিদেশী ন্যায়াধিকৰণসমূহে আছুতীয়াভাৱে এন আৰ চি সম্পৰ্কীয় আবেদন তথা প্ৰসংগৰ বিষয়সমূহ মোকাবিলা কৰিব। ৰাজ্য চৰকাৰৰ বিষয়াৰ উদ্ধৃতিৰে হিন্দুস্তান টাইমছে এই বাতৰি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা প্ৰকাশৰ বাবে অহা ৩১ জুলাই সময়সীমা বান্ধি দিয়া হৈছে।

‘’সিদ্ধান্ত অনুসৰি অহা ১ ছেপ্টেম্বৰৰ ভিতৰত ২০০খন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰা হ’ব আৰু বাকী ২০০খন পৰৱৰ্তী তিনিমাহৰ ভিতৰত স্থাপন কৰা হ’ব,’’- গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰীৰ উদ্ধৃতিৰে বাতৰিটেত কোৱা হৈছে।

অগ্নিহোত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে, নতুন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰিবলৈ কেন্দ্ৰই ৫০০ কোটি টকাৰ অনুমোদন দিছে। তেওঁ কয় যে ৩১ জুলাইৰ ভিতৰত প্ৰকাশ পাবলগীয়া চূড়ান্ত এন আৰ চিত যিসকলৰ নাম অন্তৰ্ভুক্ত নহয়, তেওঁলোকে এই ন্যায়াধিকৰণত আপীল কৰিব পাৰিব আৰু তাত ভাৰতীয় নাগৰিকত্ব প্ৰমান কৰিব লাগিব।

ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ সংখ্যা পৰ্যায় ক্ৰমে ১০০০ খনলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। যোৱা ১০ জুনত বিদেশী ন্যায়াধিকৰণৰ কাম কাজ নিৰীক্ষণ কৰি থকা আৰু ইয়াৰ সদস্য নিযুক্তিৰ দিশটো চোৱাচিতা কৰি থকা গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদন আহ্বান কৰি বিজ্ঞাপন জাৰি কৰিছে।