ৰক্ষকেই এতিয়া ভক্ষক! গো সুৰক্ষা আইন অনা ৰাজ্যৰ বিজেপি চৰকাৰৰ শাসনত কিমান সুৰক্ষিত গো-ধন?

cattle syndicate

বিজেপিৰ দুই নেতাৰ সৈতে অভিযুক্ত চক্ৰ গগৈ।

ৰাজ্যত গো সুৰক্ষা আইন আনি গৰু সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনত কিমান সুৰক্ষিত গো-ধন? শাসকীয় দলৰ নেতা-পালিনেতাই এতিয়া জড়িত গৰু চোৰাং ব্যৱসায়ত।

শিৱসাগৰত গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈৰ গ্ৰেপ্তাৰে উদঙাইছে গৰু সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ!

শিৱসাগৰ আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰা উজনি অসমৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ সহ চাৰি গৰু চোৰক সোমবাৰে শিৱসাগৰ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰা হয়।

লগতে পঢ়ক: নগাঁৱত ভূৱা এনকাউন্টাৰৰ ঘটনা; ৰাজপথ অৱৰোধ কৰি ছাত্র সমাজৰ উত্তাল প্ৰতিবাদ

আদালতে ছত্ৰধৰ গগৈক দুদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ কৰাৰ লগতে আন চাৰিজন ক্ৰমে দাদুল আলি, কলিয়া আলি, ইডিন বৰা আৰু জাবাদ আলিক কাৰাগাৰলৈ প্ৰক্ষেপ কৰে।

ইপিনে ছত্ৰধৰ গগৈৰ আন এজন সহযোগী নিৰঞ্জন গগৈ বৰ্তমানেও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

থাওৰা সমষ্টিৰ বিধায়ক তথা ন বিজেপি সুশান্ত বৰগোঁগাইৰ অতি ঘনিষ্ঠ বুলি পৰিচিত এই গৰাকী বিজেপি নেতা ছত্ৰধৰ গগৈ গৰুৰ চোৰাং বেহাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰচ’ৰাতো।

কংগ্ৰেছৰ শাসন কালত ছত্ৰ এণ্ড কোম্পানীয়ে শিৱসাগৰৰ ৰাজমাই বজাৰৰ পৰা আৰম্ভ কৰিছিল গৰু চিণ্ডিকেট। কিন্তু পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ গঠন কৰাত কিছুদিন স্তিমিত হৈছিল গৰু চিণ্ডিকেট।

লগতে পঢ়ক:উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত অটুট থাকিল ২০১৭চনত বিদেশী ঘোষিত মহিলাৰ নাগৰিকত্ব

এই গৰু চিণ্ডিকেট পুনৰ চলাবলৈ ৰাতিটোৰ ভিতৰতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে ছত্ৰধৰ-নিৰঞ্জনৰ দৰে বহু কেইগৰাকী কংগ্ৰেছীয়ে।

থাওৰা সমষ্টিৰ বিজেপি বিধায়কগৰাকীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ছত্ৰ এণ্ড কোম্পানীয়ে বিজেপিত যোগদান কৰিয়েই পুনৰ আৰম্ভ কৰে গৰুৰ চোৰাং বেহা।

গৰুৰ এই চোৰাং বেহা শিৱসাগৰৰ ৰাজমাই বজাৰৰ লগতে ধেমাজি, লক্ষীমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া আদিৰ পৰা চলাই আছিল উজনি অসমৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড ছত্ৰধৰ এণ্ড কোম্পানীয়ে।

ইপিনে দিচাংমুখৰ বাগলৰ ডবা আলি, খহুৱা আদিৰ দৰে গৰু মাফিয়াক লগত লৈ ছত্ৰধৰে গঢ়ি তুলিছিল এক বৃহৎ গৰু চুৰিৰ নেটৱৰ্ক। আৰক্ষীৰ চকুত ধুলি দি বিলাসী বাহন আৰু কন্টেইনাৰত গৰু সৰবৰাহ কৰি কোটিপতি হোৱা ন বিজেপি ছত্ৰধৰ গগৈ এতিয়া আৰক্ষীৰ জালত।

লগতে পঢ়ক:ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে স্থগিত ৰখা হৈছে শ্ৰেণীকোঠাৰ পাঠদান

প্ৰশ্ন হয়, ৰাজনৈতিক আশিস লাভ কৰি  উজনিৰ এই বৃহৎ গৰু চিণ্ডিকেটত চলোৱা ছত্ৰধৰ গগৈক গ্ৰেপ্তাৰ কৰিয়েই তদন্ত সামৰিব নেকি আৰক্ষীয়ে? সাৰি যাব নেকি গৰু চোৰাং বেপাৰত জড়িত ৰৌ বৰালি?

মুখ্যমন্ত্ৰী মহোদয়, সততে আপোনাৰ মুখত শুনা যায় গো সুৰক্ষাৰ কথা। পিচে আপোনাৰ শাসনকালত প্ৰকৃতহে সুৰক্ষিত হৈছে নে গো মাতা!