এমহীয়া চৰকাৰৰ হাতত নাই ধন; পণ কৰিও পুঁজিৰ অভাৱত ৰাইজৰ ধনেৰেই দুৰ্গতৰ কল্যাণ

মুখ্য মন্ত্ৰীৰ ভাষ্যতেই ওলাল এমহীয়া চৰকাৰৰ এটা স্বৰূপ!

Himanta Sarkar

অসমীয়াত এষাৰ কথা আছে ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন।‘ বাতৰিটোৰ আৰম্ভণিতে আমি এটা কথা পাঠক ৰাইজৰ জ্ঞাতাৰ্থে জনাই লৈছো যে আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰাইজে ধন আগবঢ়োৱা কাৰ্য্যৰ বিৰোধিতা এই বাতৰিৰ জৰিয়তে কৰিব খোজা নাই।

কিন্তু এমহীয়া চৰকাৰৰ হাতত যে ধন নাই সেই কথাৰ এক জলন্ত উদাহৰণ পোৱা গ’ল মুখ্যমন্ত্ৰীৰ ভাষ্যত। পণ কৰিও পুঁজিৰ অভাৱত ৰাইজৰ ধনেৰেই যে দুৰ্গতৰ কল্যাণ কৰিব ওলাইছে সেই কথা প্ৰমাণ পোৱা গ’ল মুখ্যমন্ত্ৰীৰ ভাষ্যত।

পুঁজিৰ অভাৱৰ কথা নিজ মুখে স্বীকাৰ নকৰিলেও নিধিৰাম চৰ্দাৰৰূপী চৰকাৰৰ ৰাজকোষ যে উদং সেই কথা প্ৰমাণিত হৈছে। তথাপি যেন টিঙৰ পৰা নানামে চৰকাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিশু সেৱা আঁচনিও পৰিচালনা হয় অসমৰ ৰাইজৰ ধনেৰে।

বৰ্তমানো ৰাজ্যত অপৰিৱৰ্তিত ৰূপত চলি আছে ক’ৰ’নাৰ ত্ৰাস। এই কোভিড বিৰোধী যুঁজত জয়ী হৈ যাতে কোভিডক সম্পূৰ্ণৰূপে নিঃশেষ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে ধন আগবঢ়াইছে অসমৰ ৰাইজে।

কিন্তু কোভিড পৰিস্থিতিৰ যৱণিকা পৰাৰ আগে আগেই সেই ধন চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়ন বা কোভিড সম্পৰ্কীয় অন্যান্য কাম-কাজত খৰচ নকৰি ৰাইজে আগবঢ়োৱা ধন ৰাইজৰ বাবেই সাহায্য হিচাপে আগবঢ়ালে এইখন বিজেপি চৰকাৰে।

অৰ্থ্যাৎ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা ধন অনাথ শিশু আৰু কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা বিধৱা মহিলালৈ সাহায্য হিচাপে আগবঢ়ালে এইখন চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, ‘যিখিনি সাহায্য অসমবাসী ৰাইজৰ পৰা লাভ কৰা হৈছিল সেইখিনিৰ ৫০ কোটি টকা ইতিমধ্যে ভেকচিনৰ নামত খৰচ কৰা হৈছে আৰু বাকীখিনি অনাথ শিশুসকলক সাহায্য প্ৰদান আৰু বাকীখিনি কোভিডত আক্ৰান্ত হৈ স্বামীক হেৰুওৱা মহিলাসকলক প্ৰদান কৰা হ’ব।‘

অথচ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে এই মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ শুভাৰম্ভ কৰিছিল এইখন চৰকাৰে। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে চৰকাৰৰ ৰাজকোষৰ পৰা এই ধনৰ আবন্টন কৰিব পৰা ক্ষমতা এমহীয়া চৰকাৰৰ হাতত নাই।

তাৎপয্যপূৰ্ণভাৱে ৰাজকোষ উদং হোৱাৰ পাছতো চৰকাৰৰ শিক্ষা বিভাগে যোৱা ৮ জুনৰ দিনা চাৰিটাকৈ অভিলাষী বঁটা ঘোষণা কৰিছিল। য’ত নেকি অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত থাকিব ১লাখ টকা।

এমহীয়া চৰকাৰখনৰ এয়া যে ‘ঋণং কৃত্বা ঘৃতং পীবেৎ’ স্বৰূপ এই কথা মুখ্যমন্ত্ৰীৰ নিজৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ পাইছে।