NORTHEAST NOW (Assamese)

চৰকাৰী কৰ্মচাৰীলৈ বিজেপিৰ অ’ফাৰ : ১৫ লাখলৈকে ঋণ লৈ সাজিব পাৰিব আপোন ঘৰ

October 25, 2018 10:00 pm · এন ই নাও নিউজ
ইউ বি আইৰ সৈতে হোৱা বুজাবুজি চুক্তি সম্পৰ্কত সংবাদ মাধ্যমক অৱগত কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফটো : ইউ বি

ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ গৃহ নিৰ্মাণৰ বাবে বিশেষ সুবিধা প্ৰদানৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। তেনে এক উদ্দেশ্যেৰে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ সৈতে এক  বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰ আঁচনিৰ বাবে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰিছে।

বৃহস্পতিবাৰে জনতা ভৱনত ইউ বি আইৰ সৈতে ৰাজ্য চৰকাৰৰ এই বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়। অনুষ্ঠানত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পল্লৱলোচন দাসৰ লগতে ইউ বি আই আৰু এছ বি আইৰ বিষয়াসকল উপস্থিত থাকে।

এই আচঁনিৰ দ্বাৰা ৰাজ্যখনৰ ৫১ হাজাৰ চৰকাৰী কৰ্মচাৰী উপকৃত হ’ব। তদুপৰি, চৰকাৰী কৰ্মচাৰীয়ে এই আঁচনিৰ অধীনত ১৫ লাখ টকালৈকে গৃহ ঋণ পাব। ইপিনে, মহিলা কৰ্মচাৰীয়ে ৫ শতাংশ আৰু পুৰুষসকলে ৫.৫ শতাংশ সুদৰ হাৰত গৃহ ঋণ লাভ কৰিব।

ইতিমধ্যে ৰাজ্যখনৰ ১৯ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে এই আপোন ঘৰ আঁচনিৰ সুবিধা লাভ কৰিছে। পূৰ্বে ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকে এই আঁচনিৰ সুবিধা লাভ কৰিছিল।

আনহাতে, যিসকল চৰকাৰী কৰ্মচাৰীৰ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ একাউণ্ট আছে তেওঁলোক এই সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছিল যদিও এতিয়াৰে পৰা তেওঁলোকেও এই আঁচনিৰ সুবিধা লাভ কৰিব।

Related News