• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোৰ্খা বনাম ইউনিফৰ্ম: নগাঁৱৰ এ ডি পি কলেজৰ অধ্যক্ষ-বিধায়ক আমিনুলৰ মাজত লাগিছে কি?

মিণ্টু দাস by মিণ্টু দাস
October 25, 2018 9:44 pm
aminul islam mla dhing

আমিনুল ইছলাম। ছবি-ফে’চবুকৰ।

1.4k
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম বাধ্যতামূলক কৰি দিয়া নিৰ্দেশৰ প্ৰতিক্ৰিয়াত ধিং সমষ্টিৰ এ আই ইউ দি এফ বিধায়ক আমিনুল ইছলামে কৰা এক ফে’চবুক প’ষ্টক লৈ চ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্ক হৈছে।

ঘটনাটোক লৈ কলেজৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীয়ে আনকি বৃহস্পতিবাৰে জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে জনোৱা বুলি জানিব পৰা গৈছে।

কলেজৰ অধ্যক্ষই ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম বাধ্যতামূলক বুলি শেহতীয়াকৈ এখন জাননী জাৰি কৰিছিল। আৰু সেই জাননীৰ পিছতেই যোৱা বুধবাৰে এক ফে’চবুক প’ষ্টত অধ্যক্ষগৰাকীক কেইটামান মুকলি প্ৰশ্ন কৰে ধিঙৰ বিধায়ক তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমিনুল ইছলামে।

“কলেজখনত একাংশ ছাত্ৰীয়ে হিজাব আৰু নেকাব পিন্ধি পাঠগ্ৰহণ কৰি থকাৰ ফলত কাৰ কি অসুবিধা হ’ল? আপুনি পূজাৰ বন্ধৰ পিছৰ পৰা হিজাব-নেকাব নিষিদ্ধ কৰি ফতোৱা জাৰি কৰাৰ যুক্তিযুক্ততা কি? ছাত্ৰীসকলে কলেজত হিজাব পিন্ধি যাব নোৱাৰিব বুলি ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে বা ৰাজ্য চৰকাৰৰ কোন অধিসূচনা যোগে নিষিদ্ধ কৰা হৈছে? বিগত ৬০ বছৰে কোনোদিন ছাত্ৰীসকলক হিজাব পৰিধান কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাছিল। তেতিয়া বাকী ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল নেকি?” আদি এলানি প্ৰশ্ন কৰে আমিনুল ইছলামে।

উক্ত ফে’চবুক প’ষ্টৰ প্ৰতিক্ৰিয়াত একাংশ লোকে অধ্যক্ষজনক আৰু আন একাংশই বিধায়কজনক সমালোচনা কৰে। তেওঁৰ মন্তব্যৰ সমৰ্থনত মন্তব্য কৰাসকলক ফে’চবুকত লাইক কৰিছে বিধায়কজনে।

কলেজখনক “গেৰুৱাকৰণ কৰা” বুলিও অধ্যক্ষ ভাগৱতীক সমালোচনা কৰে বিধায়কজনে।

আনহাতে অধ্যক্ষৰ মতে কলেজৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধাৰ বিপৰীতে নিপিন্ধে এগৰাকী ছাত্ৰীয়ে আৰু সেই ছাত্ৰীগৰাকী, অধ্যক্ষৰ মতে, বিধায়কজনৰ জীয়েক।

“এইখন মহাবিদ্যালয়ত ৩ হাজাৰৰো অধিক ছাত্র-ছাত্ৰীৰ ভিতৰত প্ৰায় ৬শ মুছলমান সম্প্ৰদায়ৰ ছাত্র-ছাত্ৰী আছে। সকলোৰে বাবে একেই ইউনিৰ্ফম। কাৰণ কলেজ চৌহদত হিন্দু, মুছলমান, খ্ৰীষ্টান তথা ধনী, দুখীয়া সকলো সমান।সকলোৱে এই ইউনিৰ্ফম পৰিধান কৰিয়ে কলেজলৈ আহে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এগৰাকী ছাত্ৰীয়ে এই নিয়ম পালন নকৰে। তেওঁ মহাবিদ্যালয়লৈ বোৰ্খা পৰিধান কৰি আহে। ছাত্ৰীগৰাকীক ব্যক্তিগতভাৱে একো নকৈ সকলো ছাত্র-ছাত্ৰীকে ইউনিফৰ্ম পৰিধান কৰি আহিবৰ বাবে আহ্বান জনাই মই পুনৰ এখন জাননী জাৰি কৰো,” ছাত্ৰীগৰাকী বিধায়কৰ “জীয়ৰী বুলি শুনিছো” বুলি উল্লেখ কৰি এই মন্তব্য অধ্যক্ষৰ।

ইউনিফৰ্মৰ উপৰি কলেজখনৰ গেৰুৱাকৰণ কৰিব খোজা, প্ৰাক্তন অধ্যক্ষক হীৰক জয়ন্তীত সম্বৰ্ধনা নজনোৱা আদি বিভিন্ন প্ৰসংগ উল্লেখেৰেও অধ্যক্ষক সেই প’ষ্টটোত প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে।

বিধায়কজনৰ মন্তব্যক মহাবিদ্যালয়খনৰ ছাত্র একতা সভা, শিক্ষক গোট, কৰ্মচাৰী আৰু একাংশ প্ৰাক্তন ছাত্রই একেমুখে গৰিহণা দিছে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd