গৰু বিহুৰ দিনা শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ প্ৰতিযোগিতা

গৰুৰ বিহুৰ দিনা শিৱসাগৰৰ অন্যতম সাংস্কৃতিত আৰু সামাজিক অনুষ্ঠান ঐক্যৰ উদ্যোগত সদৌ অসম ভিত্তিত কণী যুঁজ প্ৰতিযোগীতা আয়োজন কৰা হয়।

অসমৰ জাতীয় জীৱনত গৰুৰ বিহু দিনা পৰম্পৰাগত খেল ধেমালীৰ লগতে কণী যুঁজ অনুষ্ঠিত হৈ আহিছিল যদিও বৰ্তমানৰ যান্ত্ৰিকতা যুগত ক্ৰমে হেৰাই যাবলৈ ধৰিছে এই পৰম্পৰা। ঐক্যৰ উদ্যোগত পৰম্পৰাগত কণী যুঁজ প্ৰতিযোগীতা কেইবা বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। ঐক্যৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কণী যুঁজ প্ৰতিযোগীতাখন উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত এছ লক্ষ্মণনে।

পুৱা ঐক্যৰ সদস্যসকলে পৰম্পৰাগত ভাৱে গৰুক মাহ হালধি সানি গাই ধোৱাই। তাৰ পিছতেই ঐক্যৰ সভাপতি ধনঞ্জয় শইকীয়াই পতকা উত্তোলন কৰে। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা কণী যুঁজ প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহ,  শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা।

সদৌ অসম ভিত্তিত অনুষ্ঠিত কণী যুঁজ প্ৰতিযোগীতাখনৰ লগত সংগতি ৰাখি জেং বিহু মুকলি বিহু আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।  সন্ধিয়া ৬ বজাত স্বৰ্গীয় দেৱেন্দ্ৰনাথ বৰা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় শিল্পী আকাশ প্ৰীতম, দীপাংকৰ দেওঘৰীয়া আৰু সুমন দুৱৰাই।