NORTHEAST NOW (Assamese)

ব্যক্তিগত চিকিৎসালয়ত কোভিড চিকিৎসাৰ ব্যয় নিৰ্দ্ধাৰণৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰ সমূহক অর্পণ

August 6, 2020 4:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’ণা ভাইৰাছে এতিয়া দেশৰ প্ৰতিটো প্ৰান্ততে সংহাৰৰ সৃষ্টি কৰিছে।

বহু ৰাজ্যত কোভিড ৰোগী ৰাখিব পৰাকৈ চৰকাৰী চিকিৎসালয়ত ঠাইৰ অভাৱ হৈছে।

এনে পৰিস্থিতিত বহু ৰোগীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ গৈ সৰ্বস্বান্ত হোৱাও দেখা গৈছে।

দিল্লীৰ দৰে চহৰত কোভিড চিকিৎসাৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰোগীৰ পৰা সাধাৰণ বেডত দৈনিক ৩০-৩৫ হাজাৰকৈ টকা আদায় কৰি আহিছে।

শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে এই বুলি অৱগত কৰিছে যে কোভিড ৰোগীৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ সমূহে নিজাববীয়াকৈ সিদ্ধান্ত লব পাৰিব।

চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববৰেৰ আগত এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সৰু চহৰ সমূহত চৰকাৰে কম পৰিমাণত আৰু ডাঙৰ চহৰত কিছু বেছি পৰিমাণত চিকিৎসা ব্যয় ধাৰ্য কৰিব পাৰিব।

হাৰিয়ানাৰ অধিবক্তা শচীন জৈনে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত এই বুলি আবেদন জনাইছে যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে কোভিড ৰোগীৰ চিকিৎসা বিনামূলীয়াকৈ অথবা ৰেহাই মূল্যত কৰিব লাগে।

ইপিনে হেল্থ কেয়াৰ ফাউণ্ডেছন অৱ ইণ্ডিয়াৰ হৈ ওকালতি কৰা হৰিশ ছালভেই আদালতত কয় যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে যিহেতু আয়ূষ্মান ভাৰতৰ অধীনত চিকিৎসা সেৱা আগবঢ়াই আহিছে সেয়ে কোভিড ৰোগীৰ পৰা ৰেহাই মূল্যত ধন ল’লে পৰ্যাপ্ত ক্ষতিৰ সন্মুখীন হ’ব।

অৱশেষত কেন্দ্ৰই বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব ৰাজ’ চৰকাৰ সমূহলৈ ঠেলি দিয়ে।

Related News