ৰাজ্যসমূহৰ সৈতে আলোচনা কৰা হ’ব: এন আৰ চি সন্দৰ্ভত কেন্দ্ৰ

এন পি আৰৰ “কিছু তথ্য” এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত “ব্যৱহাৰ কৰা হ’বও পাৰে নহ’বও পাৰে”: মন্ত্ৰী প্ৰসাদ

Union IT Minister Ravi Shankar Prasad

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শঙ্কৰ প্ৰসাদ

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে শনিবাৰে কৈছে যে দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব।

এন আৰ চি আৰু এন পি আৰক লৈ দেশজুৰি বিতৰ্ক চলাৰ মাজতে প্ৰসাদে কয় যে এইক্ষেত্ৰত “সঠিক আইনী প্ৰক্ৰিয়া” অনুসৰণ কৰা হ’ব।

আইন মন্ত্ৰীজনে লগতে কয় এন পি আৰৰ “কিছু তথ্য” এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত “ব্যৱহাৰ কৰা হ’বও পাৰে নহ’বও পাৰে”।

বহুকেইখন ৰাজ্যই ইতিমধ্যে সম্ভাৱ্য দেশজোৰা এন আৰ চিৰ বিৰোধিতা কৰিছে।

লক্ষণীয়ভাৱে, এন পি আৰৰ তথ্য এন আৰ চিত ব্যৱহাৰ কৰা নহ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল।

শ্বাহে লগতে কৈছিল যে এন পি আৰ আৰু এন আৰ চি দুয়ো পৃথক আইনভিত্তিক আৰু দুয়োটাৰে মাজত সম্পৰ্ক নাথাকিব।

প্ৰসাদে বিষয়টোত চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে দেশজোৰা এন আৰ চিৰ বাবে গ্ৰহণযোগ্য হ’ব লগা নথি সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

কেন্দ্ৰৰ এন পি আৰ সম্পৰ্কীয় সিদ্ধান্তৰ সমৰ্থনত মন্ত্ৰীজনে কয় যে ইয়াৰ তথ্যসমূহ কল্যাণকামী আঁচনি ৰূপায়ণৰ নীতি নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব।

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ লগতে এন আৰ চিক লৈয়ো দেশজুৰি চলি থকা বিৰোধৰ পৰিপ্ৰেক্ষিতত প্ৰসাদে কয় যে ভাৰতীয় মুছলমানসকল ইয়াক লৈ শংকিত হ’ব লগা কোনো কাৰণ নাই।