NORTHEAST NOW (Assamese)

‘অসমীয়া জাতিৰ স্বাভিমান চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি স্থাপন হ’ব মাৰ্ঘেৰিটাত’ : বিধায়ক ভাস্কৰ শৰ্মা

July 14, 2020 6:48 pm · মানস প্ৰতীম গগৈ
Updated: July 14, 2020 6:49 pm

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক অসম আহোম সভা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ তৰফৰ পৰা মাৰ্ঘেৰিটাত অসমীয়া জাতিৰ স্বাভিমান চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি স্থাপন কৰিবলৈ আহ্বান জনাই আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

বিধায়ক শৰ্মাই আহোম সভাক মাৰ্ঘেৰিটাৰ হিলভিউস্থিত বনবিভাগৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণ হ’ব লগা “ইকৌ পাৰ্ক”ত অসমীয়া জাতিৰ স্বাভীমান তথা বৰ অসম গঢ়োতা চাওলুং চুক্যাফাৰ প্ৰতি মূৰ্ত্তি স্থাপন কৰা হ’ব বুলি জানিব দিয়ে।

তেখেতে অহা ২ ডিচেম্বত চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি উন্মোচন কৰা হ’ব বুলি আহোম সভাৰ প্ৰতিনিধি সকলক জানিব দিছে।

দেশৰ ক’ৰ’নাৰ পৰিস্থিতি স্বাভাৱিক হ’লে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিব বুলি সদৌ অসম আহোম সভাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিক জানিব দিছে।

মাৰ্ঘেৰিটা মহকুমা সমিতি তৰফৰ পৰা এই প্ৰচেষ্টাৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাক আহোম সভাৰ মাৰ্ঘেৰিটা সমিতিৰ সম্পাদক উৎপল কোঁৱৰ ধন্যবাদ ও কৃতজ্ঞতা জনায়।

Related News