হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি উন্মোচন
জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষ্যে শনিবাৰে বৰপেটাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ এটা প্ৰতিমুৰ্তি উন্মোচন কৰা হয়।
মহামানৱ গৰাকীৰ প্ৰতিমুৰ্তি উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়।
বিগত ২ অক্টোবৰৰ পৰা হাউলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত পালন কৰি অহা গান্ধী জয়ন্তী উদযাপনৰ আজি গান্ধীজীৰ প্ৰতিমুৰ্তি উন্মোচনেৰে সামৰণি মাৰে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সঞ্চালক ড০ নিৰদা দেবীয়ে।
মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি উন্মোচন কৰি দেবীয়ে গান্ধীজীৰ আদৰ্শেৰে ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি অহাৰ বাবে আহ্বান জনায়।
আনহাতে, ভাষণ প্ৰসংগতে সঞ্চালকগৰাকীয়ে যিসমূহ প্ৰশিক্ষণ কেন্দ্ৰই অসম টেটৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা জালিয়াতিৰে ধন আদায়লৈ ২০১৭ চনৰ আগতে নামভৰ্তি কৰা বুলি ৰচিদ প্ৰদান কৰিছে সেই সমূহ প্ৰশিক্ষণ কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিখন জিলাতে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।
দুৰ্নীতি কৰা আৰু দুৰ্নীতিৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও দেৱীয়ে উল্লেখ কৰে।