ভাৰতৰ ধনকুবেৰৰ বাবে দুখৰ দিন হৈ পৰিল সোমবাৰৰ দিনটো । শ্বেয়াৰ বজাৰৰ পতনত মুকেশ আম্বানী, গৌতম আদানী, সাবিত্ৰী জিন্দল আৰু শিৱ নাদৰৰ মুঠ ৮৫ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হয়। আম্বানীৰ সম্পত্তি ৩০ হাজাৰ কোটি, আদানীৰ ২৫ হাজাৰ কোটি, জিন্দল পৰিয়ালৰ ১৮ হাজাৰ কোটি আৰু নাদৰৰ ১২ হাজাৰ কোটি টকা হেৰাই।
বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্স ৩,৯৩৯ পইণ্ট কমি ৭১,৪২৫.০১ত আৰু নিফটি ১,১৬০ পইণ্ট হ্ৰাস পাই ২১,৭৪৩.৬৫ত থিৰ হয়। ১০ মাহৰ ভিতৰত এইটোৱেই সৰ্বাধিক শ্বেয়াৰ বজাৰত খহনীয়া দেখিবৈ পোৱা গ’ল।
কেৱল ভাৰততে নহয়, এছিয়াৰ আন দেশৰ শ্বেয়াৰ বজাৰো ধ্বংসস্তূপত পৰিণত হৈছে। এই সংকটৰ মূলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতি। তেওঁৰ নতুন নীতিয়ে বিশ্বৰ বজাৰত অস্থিৰতা আনিছে, জোকাৰি গৈছে ৱাল ষ্ট্ৰীটো।
ট্ৰাম্পৰ শুল্ক নীতিয়ে কোম্পানী, গ্ৰাহক আৰু বিনিয়োগকাৰী সকলোৰে মাজত ভয় আৰু অনিশ্চয়তা বৃদ্ধি কৰিছে।