সাৱধান! শিশুৰ পণ্যত কেন্সাৰকাৰী পদাৰ্থ, দেশজুৰি বিক্ৰী বন্ধৰ নিৰ্দেশ

সামগ্ৰীবিধ ক্ষতিকাৰক বুলি মানি লোৱা নাই প্ৰস্তুতকৰ্তা জনছন এন্দ জনছনে।

Stop selling Johnson & Johnson's baby shampoo having cancer causing formaldehyde: NCPCR tells states

প্ৰতীকী ছবি। DNA Indiaৰ সৌজন্যত।

সাৱধান হওক, আনকো সজাগ কৰক। এমেৰিকান অতিকায় বহুজাতিক দৰৱ কাম্পেনি জনছন এন্দ জনছনৰ খুব জনপ্ৰিয় এবিধ শিশু প্ৰসাধনত পোৱা গৈছে কেন্সাৰ সৃষ্টিকাৰী ফৰ্মেলদিহাইদ, টাইমছ অৱ ইন্দিয়াৰ বাতৰি।

ক্ষতিকাৰক নহয় বুলি সাব্যস্ত নোহোৱা পৰ্য্যন্ত সামগ্ৰীবিধৰ বিক্ৰী বন্ধ কৰিবলৈ অসমকে ধৰি দেশৰ সমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্য সচিবক নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ (National Commission for Protection of Child Rights)এ।

কাম্পেনিটোৰ “ন’ তিয়াৰ (no tear)” শিশু শ্বেম্পুত এই ক্ষতিকাৰক পদাৰ্থবিধৰ উপস্থিতি দাবী কৰি ৰাজস্থানৰ ৰাজ্যিক দৰৱ নিয়ন্ত্ৰকে দিয়া প্ৰতিবেদনৰ আধাৰত এই নিৰ্দেশ দিছে শিশু অধিকাৰ সংস্থাটোৱে।

তাৎপৰ্য্যপূৰ্ণভাৱে বাতৰি্টোৰ মতে, আয়োগে কেইবাবাৰো চিঠি দিয়াৰ পিছতো বিষয়টো সন্দৰ্ভত কোনো সঁহাৰি জনোৱা নাই অসম চৰকাৰে

যোৱা ১৫ এপ্ৰিলত হোৱা এক শুনানিৰ পিছত আয়োগে দিয়া পৰামৰ্শলৈ অসমকে ধৰি পাঁচখন ৰাজ্যই সঁহাৰি নজনোৱাৰ পিছতে মুখ্য সচিবসকলক এই নিৰ্দেশ দিছে শিশু অধিকাৰ সংস্থাটোৱে।

শ্বেম্পুবিধৰ লগতে কাম্পেনিটোৰ অতি জনপ্ৰিয় তেলকাম পাউদাৰটো সন্দৰ্ভতো প্ৰতিবেদন বিচাৰিছে শিশু অধিকাৰ আয়োগে।

আনহাতে প্ৰস্তুতকৰ্তা জনছন এন্দ জনছনে এতিয়াও তেওঁলোকৰ সামগ্ৰী ক্ষতিকাৰক বুলি স্বীকাৰ কৰা নাই।

“অখ্যাত আৰু অনিৰ্দিষ্ট পদ্ধতিৰে প্ৰস্তুত চৰকাৰী পৰীক্ষকৰ অন্তৰ্বৰ্তী প্ৰতিবেদন আমি মানি নলওঁ আৰু এই অন্তৰ্বৰ্তী ফলাফলক আমি প্ৰত্যাহ্বান জনাইছো। কেন্দ্ৰীয় দৰৱ পৰীক্ষা কেন্দ্ৰত পুনৰ পৰীক্ষাৰ ফল আৰু সিদ্ধান্তলৈ আমি বাট চাম,” জনছন এন্দ জনছনৰ মুখপাত্ৰৰ এই উদ্ধৃতি টাইমছ অৱ ইন্দিয়াৰ।