NORTHEAST NOW (Assamese)

শিৱসাগৰত ধুমুহাৰ তাণ্ডৱ : গছ পৰি গুৰুতৰভাৱে আহত দুই বাইক আৰোহী

May 19, 2019 11:24 pm · পার্শ্বজোতি গগৈ

আজি সন্ধিয়া প্ৰায় ৭ মান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাত শিৱসাগৰ জিলাৰ আখৈফুটীয়াৰ দিচাং ধাইআলিৰ আছুৰ চহিদ বেদীৰ ওচৰত থকা এডাল প্ৰকাণ্ড গছ দুখন মটৰচাইকেলৰ ওপৰত ভাঙি পৰাত দুজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

প্ৰাপ্ত তথ্য মতে আঘাতপ্ৰাপ্ত যুৱক দুজনৰ এজন আখৈফুটীয়াৰ নৱজ্যোতি দাস আৰু আনজন ২নং চাউলকৰা গাঁৱৰ ভাস্কৰ গগৈ। যুৱক দুজনে শিৱসাগৰ চহৰৰ পৰা নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হয়। লগে লগে দুয়োকে স্থানীয় প্ৰগতি নাৰ্চিং হোমলৈ লৈ যোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

আমালৈ অহা তথ্য শেহতীয়া অনুসৰি উক্ত ধুমুহাজাকে শিৱসাগৰ চহৰৰ দাঁতি-কাষৰীয়া আখৈফুটীয়া, বাঢ়ৈটিং, আমগুৰিৰ লালিমচিগা, চামগুৰি, নামতি, মিছাজান আদি অঞ্চলত ঘৰৰ টিন উৰুৱাই নিয়াৰ লগতে বিস্তাৰ ক্ষতি সাধন কৰে।

ধুমুহাৰ ফলত জাঁজী নাজিৰা সংযোগী ধোদৰ আলিৰ বিভিন্ন স্থানত গছ ভাঙি, বিদ্যুতৰ খোটা পৰি যাতায়ত ব্যৱস্থা ব্যাহত কৰি তোলাৰ খবৰ পোৱা গৈছে।

Related News