NORTHEAST NOW (Assamese)

আজৱ কাণ্ড! শিক্ষানুষ্ঠানৰ চৌহদতে বিবাহপাশত আবদ্ধ শিক্ষয়িত্ৰী আৰু ছাত্ৰ

February 4, 2025 4:21 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ এগৰাকী কলেজ শিক্ষয়িত্ৰীয়ে নিজৰ ছাত্ৰক শ্ৰেণীকোঠাতে বিয়া কৰাই; ইজনে সিজনৰ ডিঙিত বৰমালাও বিনিময় কৰে। এই ঘটনাৰ একাধিক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে সৃষ্টি হয় বিতৰ্কৰ।

লগতে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে কৰ্তৃপক্ষই। অৱশ্যে অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

যদিও শিক্ষয়িত্ৰীগৰাকীয়ে  কৈছিল যে, “তেওঁ এই কামটো কৰিছিল ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক অনুশীলনৰ অংশ হিচাপে বিবাহৰ বিষয়ে এটা ধাৰণা দিবলৈ।এইয়া প্ৰকৃত বিবাহ নহয়।”

সূত্ৰৰ পৰা জানিব পৰা মতে, পশ্চিম বংগৰ ৰাজধানী কলকাতাৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ নিলগৰ নাদিয়াৰ হৰিংঘাটা প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত এগৰাকী ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰীৰ বিবাহ সংঘটিত হয়। মহাবিদ্যালয়খন মৌলানা আবুল কালাম আজাদ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (মাকাউট)ৰ সৈতে জড়িত।

ভিডিঅটোত দেখা গৈছে অধ্যাপক পায়ল বন্দ্যোপাধ্যায়ক বিয়াৰ সাজ-পোছাকত। এই সময়ত এজন ছাত্ৰই ডিঙিত মালা পিন্ধালে অৱশ্যে পায়ল বন্দ্যোপাধ্যায়ে কয় যে এয়া প্ৰকৃত বিয়া নহয়। তেওঁ কয় যে শৈক্ষিক অনুশীলনৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক বিয়াৰ অনুষ্ঠান পৰিৱেশন কৰা দেখা গৈছিল।

Related News