NORTHEAST NOW (Assamese)

পৰম্পৰা! পৰম্পৰাৰ দোহাই দি শিশু অৱস্থাতে কুকুৰৰ সৈতে বিয়া দিয়া হয় কন্যা শিশুক

March 5, 2020 10:38 am · এন ই নাও নিউজ
Updated: March 5, 2020 2:05 pm
প্ৰতিনিধিত্বমুলক ফ'টো , উৎস- ইন্টাৰনেট

সমাজত এনে বহু আচহুৱা পৰম্পৰা প্ৰচলিত আছে যিবোৰক এতিয়াও মানুহে পালন কৰি আহিছে।

তেনে এক আচহুৱা পৰম্পৰাগত আচাৰ এতিয়াও প্ৰচলন হৈ আছে ছত্তিশগড়ৰ ক’ৰ্বা জিলাৰ মুণ্ডা সমাজত।

প্ৰচলিত এই পৰম্পৰা অনুসৰি শিশুক কন্যাক কুকুৰ সৈতে বিয়া দিয়া হয়।

প্ৰচলিত নিয়মানুসাৰে শিশুৰ ওপৰৰ দাঁতপাৰি ভাঙি যেতিয়া পুনৰ ওলাবলৈ আৰম্ভ কৰে তেতিয়াই কন্যা শিশুটিক কুকুৰৰ সৈতে বিয়া দিয়া হয়।

সেই বিয়াৰ বাবে কন্যা শিশুটিক কইনাৰ ৰূপত আৰু নিৰ্দিষ্ট কুকুৰটোক দৰা ৰূপত সজোৱা হয়।

এটা শোভাযাত্ৰা উলিওৱাৰ পিছত গাঁৱৰ শেষ প্ৰান্তত কন্যা শিশুটিক দৰা কুকুটোৰ সৈতে বিয়া কৰাই দিয়া হয়।

বিয়াৰ দিনা কন্যা শিশুটিৰ লগতে দৰা কুকুৰটোক হালধি লগায় আৰু জ্যেষ্ঠসকলে দুয়োকে আশীৰ্বাদ দিয়ে।

বিয়াৰ ৰিচুৱেল আচাৰবোৰ সমাপন হোৱাৰ পিছত মহিলাসকলে গান গাই নাচি নাচি শিশুটিৰ ঘৰলৈ উভতি আহি গোটেই ৰাতি আনন্দত মতলিয়া হৈ থাকে।

উল্লেখ্য যে, গঞাই বিয়াত দৰা কইনা দুয়োকে ধনৰ লগতে বিভিন্ন ধৰণৰ উপহাৰো প্ৰদান কৰে।

Related News