কুকুৰে খাবৰ বাবে পেলাই গৈছিল জাৱৰৰ দমত, কুকুৰৰ মুখৰ পৰা উদ্ধাৰ নৱজাতক

নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি বুধবাৰে লেবাননৰ ট্ৰিপলিৰ ৰাজপথৰ মাজেৰে এটা কুকুৰে আৱৰ্জনাৰ বেগত কঢ়িয়াই নিয়া অৱস্থাত এটি নৱজাত কন্যাক উদ্ধাৰ হয়। লেবাননৰ এটা পৌৰসভাৰ ভৱনৰ বাহিৰত কুকুৰৰ মুখৰ পৰা নৱজাতকটিক উদ্ধাৰ কৰে এগৰাকী স্থানীয় লোকে।

এজন পথচাৰীয়ে কেঁচুৱাৰ কান্দোন শুনি বেগটো কঢ়িয়াই নিয়া কুকুৰটো দেখি কোনোমতে কুকুৰটোৰ পৰা বেগটো উদ্ধাৰ কৰে। 

আৰব নিউজে প্ৰকাশ কৰা তথ্য অনুসৰি শিশুটিৰ গোটেই শৰীৰত আঘাত্ৰ চিন স্পষ্ট আছিল। উদ্ধাৰৰ পিছত শিশুটিক ইছলামিক চেৰিটি হাস্পতাললৈ লৈ যোৱা হয়।

জানিব পৰা মতে উদ্ধাৰ হোৱা নৱজাতকটিৰ বয়স মাত্ৰ কেইঘণ্টামানৰহে। চিকিৎসকে কয় যে শিশুটিৰ অৱস্থা গুৰুতৰ যদিও বৰ্তমান শিশুটিৰ স্বাস্থ্য সুস্থিৰ অৱস্থালৈ আহিছে। 

লেবাননৰ সাংবাদিক ঘছান ৰিফীয়ে কয় যে কোন পাষাণ মাতৃ বা পিতৃয়ে নৱজাতকটিক কুকুৰে খাবৰ বাবেই এৰি থৈ আৱৰ্জনাৰ মাজত এৰি থৈ গৈছিল। কুকুৰটোৱে টানি নিনিয়া হ’লে হয়তো জাৱৰৰ মাজতে শিশুটিৰ মৃত্যু হ’লহেতেঁন। শিশুটিক এৰি থৈ যোৱা পাষাণ ব্যক্তিজনতকৈ কুকুৰটোৰ কাৰ্য অধিক মানৱীয় আছিল।

আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ জৰিয়তে নৱজাতকটিৰ পিতৃ-মাতৃৰ সন্ধান অব্যাহত ৰাখিছে।