“ইলোৰা বিজ্ঞান মঞ্চ”ৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে ঢেকিয়াজুলিত “বাটৰ নাট” প্ৰদৰ্শন

মানৱ-জাতিৰ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে মৰণোত্তৰ দেহদানকে ধৰি অংগদান-নেত্ৰদানৰ লগতে ৰক্তদান ইত্যাদিৰ ক্ষেত্ৰত সদা তৎপৰ তথা অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “ইলোৰা বিজ্ঞান মঞ্চ”ৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস উপলক্ষে মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখা সমিতিয়েও আজি দিনৰ ২-৩০ বজাত ঢেকিয়াজুলিস্থিত “অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান”ৰ সমীপত “সৰ্পদংশন আৰু ইয়াৰ সৈতে জড়িত অন্ধবিশ্বাস” বিষয়ক এখনি “বাটৰ নাট” প্ৰদৰ্শন কৰে।

উক্ত পথ-নাট্যখনিৰ প্ৰতি ঢেকিয়াজুলি নগৰ আৰু ইয়াৰ ওচৰ-পাজৰৰ আগ্ৰহী লোকসকলৰ উপস্থিতি তথা সহায়-সহযোগিতা উৎসাহজনক আছিল।

যোৱা ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখে গঠন হোৱা ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখা সমিতিৰ সমূহ কৰ্ম-কৰ্তাৰ উদ্যোগত তথা সভাপতি ৰত্নেশ্বৰ ৰাভা আৰু সম্পাদক প্ৰজিত নাথৰ তত্বাৱধানত সফলভাৱে প্ৰদৰ্শিত হোৱা বাটৰ নাটখনিৰ ৰচনা-পৰিচালনাৰ দায়িত্বত থাকে শাখাৰ সহকাৰী সম্পাদক নাজমল হুছেইন ভূঞা আৰু কাবেৰী ডেকা নাথ।

এনেধৰণৰ নাট-প্ৰদৰ্শনে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে নৱপ্ৰজন্মক আকৰ্ষিত কৰাত যথেষ্ট সহায়ক হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে সমিতিৰ সভাপতি-সম্পাদকৰ লগতে অন্যান্য বিষয়-ববীয়া তথা বাটৰ নাটখনিৰ কলা-কুশলী সকলে।