শেহতীয়াভাৱে ৰাজ্যত সংঘটিত কেইবাটাও সাংবাদিক নিৰ্য্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই। লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ তাৎক্ষনিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও মঞ্চই দাবী জনাইছে।
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে ৰাজ্যত এটাৰ পাছত আনটো সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আৰু ইয়াৰ আঁৰত শাসক পক্ষৰ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহা বুলি মন্তব্য কৰি ইয়াৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত থকাৰ কথাও প্ৰকাশ কৰে। লগতে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায়।
সংবাদমেলত নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ ড০ হীৰেণ গোহাঁইয়ে কয়, ‘’ভাৰতৰ আন আন ৰাজ্যৰ নিচিনাকৈ অসমতো এতিয়া সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। সাংবাদিকসকল গণতন্ত্ৰৰ ৰাজহাড় স্বৰূপ। কিন্তু এই আক্ৰমণে ইয়াকে সূচায় যে সাংবাদিক সকলে স্বাধীনভাৱে বাতৰি প্ৰকাশৰ ক্ষেত্ৰত বাধা দিব বিচৰা হৈছে।‘’
সংবাদমেলখনত মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিক সকলক নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰা বাবে ধন্যবাদ জনোৱাৰ প্ৰসংগ উত্থাপন কৰি কয়, ‘’মুখ্য মন্ত্ৰীগৰাকীয়ে সাংবাদিকক ধন্যবাদ জনোৱাৰ বিপৰীতে তেওঁলোকৰ সুৰক্ষাৰ দিশটোহে সুনিশ্চিত কৰক। ইয়াৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে।‘’
একেখন সংবাদমেলতে ড০ হীৰেণ গোহাঁয়ে দেশৰ নিৰ্বাচন আয়োগৰ কেতবোৰ কাম-কাজতো অসন্তুষ্টি ব্যক্ত কৰে। আয়োগে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শাসক দলৰ কেতবোৰ আপত্তিজনক মন্তব্য আৰু আচৰণক সহ্য কৰি থকা বুলিও তেওঁ মন্তব্য কৰে।
আনকি নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন আয়োগৰ নিষেধাজ্ঞা সত্বেও সেনাৰ কৃতিত্বক চৰকাৰৰ কৃতিত্ব বুলি দাবী কৰিব খোজা কাৰ্য্যৰ কথা উল্লেখ কৰি এই কাৰ্য্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।