C(A)A বাতিলৰ দাবীত শিৱসাগৰত আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ বিশাল জনতাৰ উপস্থিতিত ‘শোণিত গৰ্জন’ 

AASU protest

আছুৰ শোণিত গৰ্জন

মঙলবাৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অসমৰ শিল্পী সমাজ আৰু ৰাইজৰ সহযোগত নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত ‘শোণিত গৰ্জন’ শীৰ্ষক  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ৰাতিপুৱা প্ৰায় ১২ বজাৰ পৰা অনুষ্ঠিত এই ‘শোণিত গৰ্জন’ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণ জ্যেতি গগৈ, আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, কন্ঠশিল্পী মানস ৰবিন, বিপিং চাওদাঙৰ লগতে বহু শিল্পীয়ে অংশ গ্ৰহণ কৰে।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আঁতধৰা শোণিত গৰ্জন কাৰ্যসূচীত আছুৰ সভাপতি দীপাংকৰ নাথে বিজেপি চৰকাৰে অসমীয়া জাতিক বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰে।

‘‘নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি অসমৰ পৰা বিদেশী বিতাৰণ কৰিম বুলি ঘোষণা কৰিছিল আৰু আজি সেই মোডীয়েই ওলোটা খৰ মাৰিছে আৰু মিছা কথা কৈ অসমীয়া জাতিক প্ৰতাৰণা কৰিছে,’’ দিপাংক নাথৰ মন্তব্য।

তেওঁ লগতে কয়, জাতিক প্ৰতাৰণা কৰা চৰকাৰক ইতিহাসে কেতিয়াও ক্ষমা নকৰে। ৰাইজে নিবিচৰা ‘কা’ জোৰকৈ অসমত জাপি দিব বিচাৰিছে যাৰ বাবে আজি জনতা ৰাজ পথলৈ ওলাই আহিছে।

সদৌ অসম ছাত্ৰ সন্থাইও ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো বিদেশীক অসমে গ্ৰহণ নকৰে বুলি নিজৰ মতত অটল আছে। বিদেশী বিতাৰণ অসম চুক্তি মতেহে হ’ব লাগিব বুলি মন্তব্য কৰে আছুৰ সভাপতি জনে।

নিজৰ ভাষণত আছুৰ সভাপতিজনে কংগ্ৰেছ আৰু অগপ দলকো ক্ষুৰধাৰ সমালেচনা কৰে।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে শংকৰদেৱ সংঘৰ নাম উল্লেখ নকৰি কয়, সদৌ অসম ছাত্ৰ সন্থা যিদৰে ৰাইজৰ ভৰিৰ তলত,  ঠিক তেনেদৰে আন বিলাক জাতীয় সংগঠন আৰু অনুষ্ঠানো ৰাইজৰ উদ্ধত নহয়। সেই কথা আন সংগঠন বা অনুষ্ঠানে অনুধাবন কৰিব পাৰে নে নোৱাৰে সেয়া আমাৰ বোধগম্য  নহয় যদিও আছু যে ৰাইজৰ ভৰিৰ তলত আমি নিশ্চিতভাৱে কব পাৰো।

এইখন অসমতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক হিন্দুত্ববাদী নেতাই বাবা বুলি সম্বোধন কৰাৰ সময়ত কোনো লোকে কিয় বিৰোধিতা কৰা নাছিল বুলি প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে।

আনহাতে বাবুল বৰাক উদ্দেশ্যি তেওঁ কয়, এনে এক স্থানত থকা ব্যক্তিয়ে নিজে নিজৰ কথা বতৰাত সংযম ৰখাটো দৰকাৰ। ভকত বৈষ্ণৱৰ যি ব্যৱহাৰ, সংস্কাৰ শ্ৰীমন্ত শংকৰদেৱে দিছিল সেই সংস্কাৰৰ আধাৰত তেওঁলোকে কথাবতৰা কওঁক।

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক হত্যা কৰা মধ্যযুগীয়া কু-সংস্কাৰ আনিবখোজা শক্তি সমূহৰ লগত কিয় হাত মিলাবলগীয়া হৈছে, জাতীয় সংকটৰ সময়ত এই সকলক কিয় বৰপীৰা পাৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সত্বাত কিয় আচোৰ পেলাবলগীয়া হৈছে সেই প্ৰশ্ন সংঘৰ বাপ সকল বা আই সকলেও নেতৃত্বক সোধা উচিত বুলি মন্তব্য কৰে আছুৰ সম্পাদকজনে।

কন্ঠ শিল্পী বিপিন চাওদাঙে সকলো দল সংগঠনক একত্ৰিত হৈ আন্দোলন কৰিলেহে অসমীয়া জাতি উদ্ধাৰ হব বুলি অনুষ্ঠানত উপস্থিত বিশাল জনতাক উদ্দেশ্যি মন্তব্য কৰে।