NORTHEAST NOW (Assamese)

নিশাৰ কাল ধুমুহাত তচনচ কৃষ্ণাইৰ পেটকাটা, হাৰিমূৰা

May 18, 2019 2:30 pm · নীলমণি শৰ্মা
ফটো : নৰ্থইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পেটকাটাত শুকুৰবাৰে নিশা অহা এক ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে। এই বিধ্বংসী ধুমুহাত প্ৰায় পাঁচ শতাধিক বাসগৃহ ধ্বংস হোৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হয়।

ধুমুহাৰ ফলত পেটকাটা প্ৰাথমিক বিদ্যালয়ৰ বিস্তৰ ক্ষতি হয়। তদুপৰি, ইয়াত থকা  বিদ্যুতৰ টাৱাৰো ভাঙি পৰে। ইপিনে, ধুমুহাৰ গতি ইমানে শক্তিশালী আছিল যে ঘৰৰ মূধচ দুই তিনি কিলোমিটাৰ আঁতৰলৈ উৰুৱাই নিয়ে ৷

এতিয়া কৃষ্ণাইৰ পেটকাটাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাল ধুমুহাৰ ফলত গৃহহীন হৈ পৰা বহু পৰিয়ালৰ থাকিবলৈ ঠাইয়ে নোহোৱা হৈছে ৷ যোৱা নিশাটো তেওঁলোকে মুকলি আকাশৰ তলতে পাৰ কৰে ৷

তীব্ৰ বেগী ঘূৰ্ণী বতাহৰ লেখিয়া এই প্ৰবল ধুমুহাজাকে গছ-গছনি ভাগি তচনচ কৰি পেলাইছে। জানিব পৰা মতে, ওচৰৰে হাৰিমুৰাৰ নতুন বস্তিতো ধুমুহাই অৰ্ধশতাধিক ঘৰ দুৱাৰ ভাঙি তচনচ কৰে।

আনহাতে, নিশাৰ ভয়ংকৰ ধুমুহাৰ বিস্তৰ ক্ষতিসাধনৰ পাছত প্ৰশাসনৰ ফালৰ পৰা  খবৰ ল’বলৈ কোনো আহি উপস্থিত হোৱা নাই।

Related News