NORTHEAST NOW (Assamese)

ভাৰতক পানী, গেছ দিয়াৰ চুক্তিক লৈ প্ৰশ্ন তুলি জীৱন হেৰুৱালে বাংলাদেশৰ ছাত্ৰই

October 8, 2019 6:37 pm · এন ই নাও নিউজ
Updated: October 8, 2019 6:48 pm
ফাইল ফটো। উৎস: ডি এন এ

বিনিময়ত একো নোলোৱাকৈ শ্বেইখ হাছিনাই ভাৰতক পানী আৰু পে’ট্ৰলিয়াম গেছ দিয়া বুলি দাবী কৰি ইয়াৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্নেৰে ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াৰ পিছতে চুবুৰীয়া বাংলাদেশত এজন ছাত্ৰক হত্যা কৰা হৈছে।

ঘটনাটোৱে ভাৰত ভ্ৰমণৰ সফলতা দাঙি ধৰিবলৈ কাইলৈ সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ ওলোৱা প্ৰধান মন্ত্ৰী হাছিনাৰ বাবে অস্বস্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

হত্যাৰ বলি হোৱা ছাত্ৰজন বাংলাদেশ য়ুনিভাৰ্ছিটি অব ইঞ্জিনীয়াৰিং আৰু টেকন’লজিৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আব্ৰাৰ ফাহাদ।

ছাত্ৰজনে হাছিনাই ভাৰত ভ্ৰমণৰ সময়ত কৰা চুক্তিবোৰত বাংলাদেশৰ লাভক লৈ প্ৰশ্ন উঠাইছিল ছ’চিয়েল মিডিয়াত।

তেওঁ এটা পোষ্টত কৈছিল, “আমি বিনিময়ত একো নোপোৱাকৈ ভাৰতক কিয় ফেনী নদীৰ পৰা ১.৫ লাখ কিউমিক পানী দিব লাগে?”

যোৱা ৩ অক্টোবৰত হাছিনাই চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল আৰু ত্ৰিপুৰাত খোৱা পানীৰ যোগানৰ বাবে ভাৰতক ফেনী নদীৰ পৰা প্ৰতি ছেকেণ্ডত ১.৮২ ঘন ফুট (কিউছেক) পানী ল’বলৈ অনুমতি দি এখন চুক্তিত চহী কৰিছিল। আন কেইবাখনো দ্বিপাক্ষিক চুক্তিত চহী কৰিছিল তৃতীয় বাৰৰ বাবে বাংলাদেশৰ প্ৰধান মন্ত্ৰী হোৱা হাছিনাই, য’ত ভাৰতলৈ পে’ট্ৰলিয়াম গেছ যোগানৰ এখন চুক্তিও আছিল।

ফাহাদে ভাৰতলৈ পে’ট্ৰলিয়াম গেছৰ যোগানৰ চুক্তিখনক লৈও প্ৰশ্ন উঠাইছিল নিজৰ পোষ্টত। হাছিনাৰ ভাৰত ভ্ৰমণৰ অন্তঃসাৰশূন্যতা দেখুৱাই দিয়া পোষ্টটো এৰি দিয়াৰ পিছতে ভাইৰেল হৈছিল।

পোষ্টটোক লৈ বিশ্ববিদ্যালয়খনৰ (BUET) বাংলাদেশ ছাত্ৰ লীগৰ কেইবাজনো নেতাই ফাহাদক উপৰ্য্যুপৰি প্ৰশ্ন কৰিছিল বুলি ফাহাদৰ বন্ধুকেইজনে পিছত জানিবলৈ দিয়ে।

বন্ধুকেইজনৰ মতে, ছাত্ৰজনক তেওঁ ইছলামী ছাত্ৰ শিবিৰ (জামাত ই ইছলামীৰ ছাত্ৰ শাখা)ৰ সদস্য নেকি বুলি প্ৰশ্ন কৰা হৈছিল।

ফাহাদক ভোটা বস্তুৰে আঘাত কৰি হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাত গম পোৱা গৈছে।

অভিযোগমতে বাংলাদেশ ছাত্ৰ লীগৰ কৰ্মীসকলে তেওঁক এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি লৈ মৰিওৱা হয় আৰু তাৰ ফলতে তেওঁৰ মৃত্যু হয়।

বাংলাদেশ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিজনক আটক কৰিছে।

হাছিনাৰ ভাৰত ভ্ৰমণটোক বাংলাদেশত “একো ননাকৈ সকলো দিয়া” বুলি গণ্য কৰা দেখা গৈছে।

Related News