যন্তৰ মন্তৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি বাতিল কৰাৰ দাবীত ছাত্ৰ সংগঠনৰ একত্ৰপ্ৰতিবাদ
ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) বাতিল, বিশ্ববিদ্যালয় অনুদান আয়োগৰ খচৰা নিৰ্দেশনাৰ পৰিৱৰ্তন আৰু ছাত্ৰ সন্থাৰ পুনৰুদ্ধাৰৰ দাবীত ইণ্ডিয়া ব্লকৰ সৈতে জড়িত ছাত্ৰ সংগঠনৰ মিত্ৰজোঁটে ২৪ মাৰ্চ সোমবাৰে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘ (NSUI), সৰ্বভাৰতীয় ছাত্ৰ সন্থা (AISA), ভাৰতীয় ছাত্ৰ ফেডাৰেচন (SFI), সৰ্বভাৰতীয় ছাত্ৰ ফেডাৰেচন (AISF), মুছলিম ছাত্ৰ ফেডাৰেচন (MSF), সমাজবাদী ছাত্ৰ সভা, ছাত্ৰ ৰাষ্ট্ৰীয় জনতা দল (CRJD)কে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ লক্ষ্যৰে ২০২০ চনত প্ৰৱৰ্তন কৰা এন ই পিৰ তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰে। চৰকাৰে এই নীতিয়ে ভাৰতীয় শিপা ধৰি ৰাখি শিক্ষাক আধুনিকীকৰণ কৰা বুলি দাবী কৰি আহিছে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ এই দাবীৰ বিৰুদ্ধে যুক্তি আগবঢ়ায় যে ই ৰাজহুৱা শিক্ষা ব্যৱস্থাক ক্ষতিগ্ৰস্ত কৰাৰ লগতে শিক্ষা ব্যৱস্থাক ব্যক্তিগতকৰণক হে প্ৰসাৰিত কৰিছে।
ইউাৰো পৰি প্ৰস্তাৱিত উপাচাৰ্য নিযুক্তিৰ বাবে ইউ জি চিৰ খচৰা নিয়মক লৈও প্ৰতিবাদকাৰীসকলে উদ্বেগ প্ৰকাশ কৰে। ইউ জি ইৰ নিয়মাৱলীত ৰাজ্যপালৰ মনোনীত ব্যক্তিৰ নেতৃত্বত তিনিজনীয়া সমিতি গঠনৰ পৰামৰ্শ দিয়া হৈছে, যিয়ে বিশ্ববিদ্যালয়সমূহৰ স্বায়ত্তশাসন হ্ৰাস কৰাৰ লগতে ৰাজনৈতিকভাৱে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলক অধিক নিয়ন্ত্ৰণ প্ৰদান কৰিব বুলি প্ৰতিবাদকাৰীসকলে যুক্তি দৰ্শাইছে।
প্ৰতিবাদকাৰীসকলে বৃত্তি অব্যাহত ৰখা, সংৰক্ষিত শ্ৰেণীৰ আসন পূৰণ আৰু বিশ্ববিদ্যালয়সমূহত মুক্ত আৰু নিকা ছাত্ৰ সংঘৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়। শেহতীয়া বছৰবোৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্ব দুৰ্বল হোৱা বুলি দাবী কৰি ছাত্ৰ সন্থা পুনৰ সংস্থাপনৰ বাবেও আহ্বান জনায়।