ডঃ বি.আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ গণৰাজ্য দিৱসত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অনু সিং লেথাৰে দিয়া ভাষণক সমালোচনা কৰাৰ অভিযোগত আম্বেদকাৰ বিশ্ববিদ্যালয় দিল্লীৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰক ছমাহৰ বাবে নিলম্বন কৰা হৈছে। অনুশাসন আৰু প্ৰতিষ্ঠানটোৰ মুৰব্বীৰ বিৰুদ্ধে গালি-গালাজ আৰু অপমানজনক ভাষা ব্যৱহাৰ কৰা বাবে বিশ্ববিদ্যালয়খনে ছাত্ৰজনক নিলম্বন কৰা বুলি উল্লেখ কৰে।
উল্লেখ্য যে গণৰাজ্য দিৱসৰ ভাষণত লথাৰে ৰাম মন্দিৰ প্ৰতিষ্ঠাক প্ৰশংসা কৰি বিতৰ্কিতভাৱে কয় যে ৰাম জন্মভূমিৰ আন্দোলন ৫২৫ বছৰ পুৰণি আৰু শেহতীয়া বিষয় নহয়। তেওঁ ডাঃ বি.আৰ. আম্বেদকাৰক কেৱল দলিত সম্প্ৰদায়ৰ প্ৰতীক হিচাপেই নহয়, জাতীয় ব্যক্তি হিচাপে স্বীকৃতি দিয়াৰো পোষকতা কৰিছিল।
সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ কৰ্মী ছাত্ৰজনে জানুৱাৰী মাহত প্ৰেৰণ কৰা ইমেইলৰ জৰিয়তে এই বক্তব্যৰ সৈতে মতানৈক্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। ছাত্ৰজনৰ বিৰোদ্ধে ২১ মাৰ্চত জাৰি কৰা প্ৰক্টৰিয়েল ব’ৰ্ডৰ নিলম্বন আদেশতো শীতকালীন ষান্মাসিকত কেম্পাছত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে।
ইয়াৰ উত্তৰত ছাত্ৰজনে বিশ্ববিদ্যালয়খনৰ এই কাৰ্যক তেওঁৰ শৈক্ষিক অগ্ৰগতি আৰু আকাংক্ষাক ভেঙুচালি কৰাৰ প্ৰয়াস বুলি দাবী কৰি বিশ্ববিদ্যালয়খনৰ গণতান্ত্ৰিক আৰু শৈক্ষিক অখণ্ডতাৰ ওপৰত আক্ৰমণৰ অংশ বুলি অভিহিত কৰে।
প্ৰশাসনক সমালোচনা কৰি ছাত্ৰজনে কয় যে কৰ্তৃপক্ষক প্ৰশ্ন কৰা কাৰ্য্যত শাস্তি দিলে মুকলি কৈ মত প্ৰকাশ কৰিবলৈ নিৰুৎসাহিত কৰিব। ইয়াৰ বিপৰিতে উপাচাৰ্যগৰাকীয়ে যুক্তি দিছিল যে এই নিলম্বনে প্ৰতিষ্ঠানিক কাৰ্য্যৰ বিৰোধিতা প্ৰকাশ কৰিব বিচৰা আন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সতৰ্কবাণী হিচাপে কাম কৰিব। বিশ্ববিদ্যালয় খনৰ এই কাৰ্যই শৈক্ষিক স্বাধীনতা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত মতপ্ৰকাশৰ অধিকাৰৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰিছে।





