অস্থিৰতা আঁতৰা নাই শ্ৰীলংকাত! পুনৰ প্ৰতিবাদত উত্তাল ৰাজধানী কলম্বো

শ্ৰীলংকাৰ ৰাজধানী কলম্বোত আকৌ এবাৰ যুদ্ধক্ষেত্ৰৰ ৰূপ লৈছে প্ৰতিবাদে। কলম্বোৱে চৰকাৰ বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে দুজন ছাত্ৰ নেতাক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ পৰিছে।

শুকুৰবাৰে কলম্বোত নিৰাপত্তা বাহিনী আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। সেই সময়ত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ আৰু শূন্যলৈ গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

ইপিনে, শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকে চলিত অৰ্থনৈতিক সংকট দূৰ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহ ৰূপায়ণৰ বাবে আহ্বান জনাইছে।

লগতে পঢ়ক: Shraddha Murder Case: হত্যা কৰি প্ৰেমিকাৰ দেহাংশ ভৰ্তি মোনা লৈ পুৱাই খোজ কাঢ়িছে আফতাব! শিহৰণকাৰী দৃশ্য পোহৰলৈ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শুকুৰবাৰে দেশখনৰ ৰাজধানী কলম্বোত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ কৰ্মীৰ সৈতে সংঘৰ্ষ আৰম্ভ হয়। প্ৰতিবাদকাৰীসকলে শিলগুটি, ইটা দলিওৱাৰ পিছত আৰক্ষীয়ে প্ৰতিবাদ দমন কৰিবলৈ শূন্যলৈ গুলী চালনা কৰে। মুহূৰ্ততে গোটেই চহৰখন যুদ্ধক্ষেত্ৰত পৰিণত হয়।

তিনি মাহ পূৰ্বে, চৰকাৰ বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দিয়াৰ বাবে শ্ৰীলংকাৰ আৰক্ষীয়ে দুজন ছাত্ৰ নেতাক আটক কৰি জিম্মাত লৈছিল। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ছাত্ৰ নেতা দুজনক তিনি মাহৰ কাৰাদণ্ড দিয়া হৈছিল।

কলম্বোৰ ছাত্ৰ ইউনিয়ন পৰিষদে অভিযোগ কৰে যে তেওঁলোকৰ কাৰদণ্ডৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো তেওঁলোকক মুকলি কৰা হোৱা নাই। ফলস্বৰূপে, শিক্ষাৰ্থীসকলে বেনাৰ আৰু প্লেকাৰ্ড লৈ আন্দোলনত নামে। প্ৰতিবাদকাৰীসকলে দাবী কৰিছে যে দুই ছাত্ৰনেতাক ৰনিল বিক্ৰমসিংহে চৰকাৰে বেআইনীভাৱে আটক কৰিছিল।

লগতে পঢ়ক:ধোঁৱাচাঙত নাৰী সুৰক্ষা: দুই কিশোৰী ভগ্নীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ দুৰ্বৃত্তৰ; দুই অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখ্য যে এই বছৰ এক অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ থকা শ্ৰীলংকাই জুলাই মাহত চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে সমালোচনাৰ সন্মুখীন হৈ দেশৰ পৰা পলাই গৈছিল। পিছত, যেতিয়া ৰনিল বিক্ৰমসিংহেই চৰকাৰ গঠন কৰিছিল, তেতিয়া তেওঁৰ পদত্যাগৰ দাবীতো প্ৰতিবাদ হয়।