হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ
হিজাব বিতৰ্কই যোৱা কেইমাহমান সমগ্ৰ দেশকে জোকাৰি যোৱাৰ এইবাৰ কৰ্ণাটকত পুনৰ সমুখলৈ আহিছে আন এক পোচাক বিতৰ্ক। হিজাবৰ পৰিৱৰ্তে এইবাৰ বিতৰ্কৰ আধাৰ হৈছে বোৰ্খা।
ৰাজ্যখনৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ে এক অনুষ্ঠানত বোৰ্খা পৰিধান কৰি নৃত্য কৰাৰ বাবে চাৰিগৰাকী শিক্ষাৰ্থীক নিলম্বন কৰিছে।
সম্প্ৰতি ভাইৰেল হৈ পৰা অনুষ্ঠানটোৰ এটা ভিডিঅ’ত চাৰিওগৰাকী শিক্ষাৰ্থীয়ে মঞ্চত বলীউডৰ এটা জনপ্ৰিয় গীতত নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু দৰ্শকে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰিছে। বুধবাৰে মহাবিদ্যালয়খনত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।
মাংগালুৰুৰ ছেইণ্ট জোচেফ ইঞ্জিনিয়াৰিং কলেজত আয়োজিত অনুষ্ঠানটোৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত কলেজখনৰ অধ্যক্ষই শিক্ষাৰ্থী কেইগৰাকীক নিলম্বন কৰি তদন্তৰ নিৰ্দেশ দিয়ে।
মহাবিদ্যালয়খনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ এক অনানুষ্ঠানিক অংশৰ সময়ত মুছলমান ধৰ্মীয় শিক্ষাৰ্থীসকলে মঞ্চত এই নৃত্য পৰিৱেশন কৰিছিল বুলি উল্লেখ কৰিছে।
বিবৃতিটোত লগতে কোৱা হৈছে যে এই নৃত্য অনুমোদিত কাৰ্যসূচীৰ অংশ নাছিল আৰু তদন্তৰ আওতালৈ অহা শিক্ষাৰ্থীসকলক নিলম্বন কৰা হৈছে।
মহাবিদ্যালয়খনে সম্প্ৰদায় তথা জনসাধাৰণৰ মাজত সমন্বয়ৰ ক্ষতি কৰিব পৰা কোনো কামক সমৰ্থন বা সহ্য নকৰে বুলি বিবৃতিটোত উল্লেখ কৰে।