বৰপেটাৰ অভিনন্দন দাসৰ কৃতিত্ব: ইটালীৰ বিশ্ববিদ্যালয়ত astroparticle physicsত কৰিব গৱেষণা

index

অভিনন্দন দাস। ফটো: নৰ্থইষ্ট নাও

বৰপেটা চহৰৰ গান্ধীনগৰৰ অভিনন্দন দাসে চহৰখনলৈ কঢ়িয়াই আনিছে সুখৰ বতৰা ৷ গান্ধীনগৰৰ বাসিন্দা সুনন্দ দাস আৰু অঞ্জলি দাসৰ দ্বিতীয় সন্তান অভিনন্দন দাসে ইটালীৰ ইউনিভাৰ্চিটি অফ ট্ৰেন্টোত astroparticle physics বিষয়ৰ ওপৰত গৱেষণা কৰাৰ বাবে যোগদান কৰিছে ৷

তেওঁ Alpha magnetic spectrometer(AMS-02) International space station ত থকা এটা গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত পিএইচডিৰ বাবে গৱেষণা কৰিব ৷

গৱেষণাৰ কালচোৱাত তেওঁক বছৰত ১৬,২৯০ ইউৰো অৰ্থাৎ কমেও ১৪ লাখ ২০ হাজাৰ টকাৰ বৃত্তি আগবঢ়াব ৷

উল্লেখ্য যে, অভিনন্দন দাসে International school for advance studies আৰু University of Trento ত “Theoretical and computational physics” বিষয়ত মুঠ ১১০ নম্বৰৰ ভিতৰত ১০৮ নম্বৰ লাভ কৰি শীৰ্ষস্থানত Master’s degree লাভ কৰিছিল ৷

সেইবাৰো তেওঁ ৭৫০ ইউৰো অৰ্থাৎ কমেও ৬৫ হাজাৰ টকাৰ বৃত্তি আৰু বিনামূলীয়া শিক্ষা লাভ কৰিছিল ৷

তেওঁৰ পিতৃ সুনন্দা দাস বঙাইগাঁও শোধনাগাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত চাকৰিয়াল ৷

স্কুলীয়া শিক্ষা বঙাইগাঁও জিলাৰ ঢালিগাঁওত সম্পূৰ্ণ কৰা অভিনন্দন দাসে উচ্চ শিক্ষা ইটালীত গ্ৰহণ কৰে ৷