প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ নমুনা : নাৱেৰে শিক্ষাৰ্থীক অনা-নিয়া কৰে প্ৰধান শিক্ষক-কৰ্মচাৰীয়ে

a9c10ad0-68a5-4d7d-81c2-83a0e541888b

টুলুঙা নাবেৰে বিদ্যালয়লৈ শিক্ষাৰ্থী। ফটো : নৰ্থইষ্ট নাও

ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠানে শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰ কৰি শিক্ষাব্যৱস্থাটোক পণ্য হিচাপে পৰিগণিত কৰিব বিচৰাৰ বিপৰীতে একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাব্যৱস্থা একেবাৰে পুতৌ লগা। আনকি একাংশ শিক্ষকৰ পালমৰা মনোভাৱৰ ফলত গ্ৰামাঞ্চলৰ প্ৰতিভাসম্পন্ন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

এনে অৱস্থাৰ মাজতো একাংশ-শিক্ষক-কৰ্মচাৰীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ আন্তৰিকতা, হেঁপাহ আৰু সুনাগৰিক কৰাৰ পৰিকল্পনাই সচেতন মহলত আলোড়ন সৃষ্টি কৰিছে। সঁ‌চা অৰ্থত তেওঁলোক মহান। নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ এখন বিদ্যালয়ৰ দুজন শিক্ষক-কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠাই শিক্ষাদানক মহান সেৱা হিচাপে গ্ৰহণ কৰিব বিচৰাসকলক নিশ্চয় অনুপ্ৰাণিত কৰিব।

এই দুই শিক্ষক-কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠাই ৰজাঘৰ আৰু ৰাজনৈতিক নেতাসকলৰ বঞ্চনাকো এক প্ৰকাৰ উন্মোচিত কৰিছে। নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ পলশাবাৰী গাঁ‌ওখনত ১৯৯০ চনত স্থাপন হোৱা পলশাবাৰী ললিত নাথ মধ্য ইংৰাজী বিদ্যালয়ত ১৯৯২ চনত সেইসময়ৰ শিক্ষিত যুৱক তগৰ ডেকাই প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। পলশাবাৰী গাঁ‌ওখনক আকৌ পাহাৰীয়া নৈ নিশাৰীয়ে বিভক্ত কৰিছে।

আনহাতে, যিটো স্থানত বিদ্যালয়খন স্থাপন হৈছে সেইস্থানৰ শিক্ষাৰ্থীতকৈ সিপাৰৰ শিক্ষাৰ্থী অধিক।নদীখনৰ দুয়োটাপাৰ সংযোগ কৰি যাতায়তৰ কোনো সুচল পথ নথকাত আনটো পাৰৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়খনলৈ অহাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। খৰালি কালত এডাল সাঁ‌কোৰে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। কিন্তু বাৰিষা ফেনে ফুটুকাৰে অহা নিশাৰী নদীত সাঁ‌কোৰ জৰিয়তে পাৰ হ’বলৈ অসম্ভৱ হৈ পৰে।

এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰাৰ বাবে বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিষ্ণু কুমাৰ নাথ আৰু প্ৰধান শিক্ষক তগৰ ডেকাই গুৰুত্বপূৰ্ণ ভূমিকা লয়। তেওঁলোকে স্থানীয় ৰাইজে দান কৰা টুলুঙা নাৱেৰে নৈখনৰ সিপাৰৰ ছাত্ৰ ছাত্ৰীসকলক পুৱা বিদ্যালয়লৈ আনে আৰু শিক্ষাদান শেষ কৰি পুনৰ বিয়লি নাৱেৰে সিপাৰত থৈ আহেগৈ। এনেদৰে ১৯৯২ চনৰ পৰাই বাৰিষাৰ সময়চোৱা টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে হ’লেও বিদ্যালয়লৈ অনা নিয়া কৰি শিক্ষাদান কৰি আহিছে প্ৰধান শিক্ষক তগৰ ডেকা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিষ্ণু কুমাৰ নাথে।

এনেদৰে বহু সময়ত টুলুঙা নাৱৰ পৰা ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহুলোকো সৰি পৰাৰ ঘটনা ঘটিছে যদিও ইমানৰ পিছতো কোনো তৎপৰতা নাই স্থানীয় প্ৰশাসন তথা বিধায়কৰ৷ উল্লেখ্য যে, বঢ়মপুৰ সমষ্টিৰ নিশাৰী নৈৰ ওপৰত এই ঠাইত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বহুবাৰ আৱেদন কৰাৰ পিছতো কাণষাৰ নিদিলে বিধায়কগৰাকীয়ে। আনহাতে, ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি স্থানীয় ৰাইজ গভীৰ আশাবাদী।