NORTHEAST NOW (Assamese)

তেলেংগানাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰি উলিয়ালে জৈৱিক চেনিটাৰী নেপকিন

January 6, 2021 10:04 am · এন ই নাও নিউজ

মাহেকীয়াৰ সময়ত মহিলা সকলৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে তেলেংগানাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীয়ে জৈৱিক চেনিটাৰী নেপকিন প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে।

তেলেংগানাৰ ভূৱাংগিৰি জিলাৰ জিলা পৰিষদ হাইস্কুলৰ ছাত্ৰী সকলে হালধী, কপাহ, নিমপাত আদিৰ দৰে সম্পুৰ্ণ প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ ‘স্ত্ৰী ৰক্ষা পেডছ’ নামৰ চেনিটাৰী নেপকিন প্ৰস্তুত কৰি উলিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

বজাৰত উপলব্ধ হোৱা নেপকিন সমূহ আৱৰ্জনা হিচাপে পেলাই দিয়াৰ পাছত ইয়াক নিষ্কাষণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ বাবে চৰকাৰী বিদ্যালয়খনৰ ছাত্ৰী সকলে জৈৱিক চেনিটাৰী নেপকিন প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল।

বৰ্তমান সময়ত প্ৰস্তুত কৰি অহা পেট্ৰ’লিয়ামজাত সমগ্ৰীৰ চেনিটাৰী নেপকিনৰ তুলনাত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী সকলে সম্পুৰ্ণ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰি উলিওৱা নেপকিন সমূহ ব্যৱহাৰৰ ফালৰ পৰাও অধিক উপযোগী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰি উলিওৱা জৈৱিক চেনিটাৰী নেপকিনত ব্যৱহাৰ হোৱা হালধী, নিম আদিৰ আয়ুৰ্বেদিক গুণাগুণে মাহেকীয়াৰ সময়ছোৱাত বিভিন্ন সংক্ৰমণৰ পৰাও মহিলা গৰাকীক সুৰক্ষা প্ৰদানত সহায় কৰিব বুলি এগৰাকী ছাত্ৰীয়ে উল্লেখ কৰে।

ইপিনে, বিদ্যালয়খনৰ ছাত্ৰী সকলে মানুহৰ মাজত মাহেকীয়াৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবেও জৈৱিক চেনিটাৰী নেপকিন সমূহ গাঁৱে-ভূৱে লৈ যাব বুলি জানিবলৈ দিয়ে।

Related News