টীয়কৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ পেলনীয়া বস্তুৰে সামগ্ৰী নিৰ্মাণ কৰি পৰিবেশ সংৰক্ষণৰ চেষ্টা

Screenshot_2020-12-15-14-36-00_1

যোৰহাট জিলাৰ টীয়কৰ গ্ৰাম্যাঞ্চলৰ এখন চৰকাৰী বিদ্যালয় টীয়ক ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাহ্যিক পৰিবেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

সততে পোৱা পেলনীয়া সামগ্ৰীসমূহ পেলাই নিদি বা আবৰ্জনা হিচাপে ব্যৱহাৰ নকৰি সেইসমূহেৰে বিভিন্ন সৃজনশীল সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে।

জুইশলা বাঁহ, ডাঠ কাগজ, বটলৰ সাঁফৰ, আদিৰে ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে বিভিন্ন সামগ্ৰী।

য’ত আছে জেচিবি, ডাম্পাৰ, টেক্টৰ, ফুলদানি আদি। তদুপৰি ছাত্র-ছাত্ৰীসকলে বিদ্যালয়ৰ চৌহদতে নিৰ্মাণ কৰা এখন ক্ষুদ্ৰ উদ্যানত এনে সামগ্ৰীৰে প্ৰস্তুত কৰা গঁড়, কাছ পদুম ফুলৰ লগতে পানীৰ এক যুৱলি নিৰ্মাণ কৰাৰ লগতে মহামাৰী কৰ’ণাৰ সজাগতা সম্পৰ্কত এখন প্ৰাচীৰ পত্ৰিকা আৰু বিদ্যালয়ৰ চৌহদতে কল খেতি কৰি প্ৰতিকী অৰ্থত পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনাইছে।

চৰকাৰী বিদ্যালয়খনৰ শিক্ষকসকলৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা এই শৈল্পিক প্ৰতিভা এতিয়া সমগ্ৰ অঞ্চলৰ লোকসকলৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

লগতে এইসকল প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীক উচিত মাৰ্গ দৰ্শনৰ ব্যৱস্থা কৰিলে অনাগত দিনত নিজৰ লগতে সমাজলৈ ইতিবাচক বৰঙণি আগবঢ়াব বুলি আশা কৰিছে সকলোৱে।