NORTHEAST NOW (Assamese)

শিৱসাগৰত নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ৰাজপথত নামিল ছাত্ৰ-ছাত্ৰী

January 14, 2019 3:41 pm · পার্শ্বজোতি গগৈ

ৰাজ্যৰ চৌদিশে ভোগালীৰ উল্লাস মাজতে আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে  শিৱসাগৰৰ ৰাজ পথত প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী। শিৱসাগৰ জিলাৰ সমুহ মহাবিদ্যালয়ৰ ছাত্ৰ/ ছাত্ৰী  একতা সভা আৰু মহাবিদ্যালয় সমুহৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা জিলাখনৰ আটাইকেইখন মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে সমদল কৰি আহি দ’লমুখ চাৰিআলিত পথ অৱৰোধ কৰে। ৰাজ পথত বহি প্ৰতিবাদী ছাত্ৰ -ছাত্ৰী সকলে বিজেপি গো বেক, সৰ্বানন্দ সোণোৱাল অক’ থু,  বিজেপি চৰকাৰ থু থু, নাগৰিকত্ব সংশোধনী বিল বাতিল কৰক, আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ কৰে।

সমগ্ৰ ৰাজ্য আজি মেজি সজা বা ভোজ খোৱাত ব্যস্ত আছ যদিও এই জাতি-ধ্বংসী বিধেয়ক খন বাতিলৰ দাবীত শিৱসাগৰৰ সকলো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিছে।

‘’বিহু সদায় পোৱা যাব, কিন্তু জাতিটো  গলে পুনৰ ঘূৰাই পোৱা টান। আমি জাতিৰ বাবে ওলাই আহিছো, যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নকৰে এই প্ৰতিবাদ অব্যাহত থাকিব’’ বুলি  প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে স্পষ্ট ভাষাৰে কয়।

Related News