দৃষ্টি নন্দন শোভাযাত্ৰাৰে সকলোকে মুগ্ধ কৰিলে এইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

Cultural Program

সাংস্কৃতিক শোভাযাত্ৰা

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ জ্যোতিনগৰস্থিত মণ্টেচৰী হাইস্কুলৰ ৰূপালী জয়ন্তী জয়ন্তী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ দ্বিতীয় দিনাও এক উখল মাখল পৰিবেশে বিৰাজ কৰে সমগ্ৰ কৃষ্ণাই অঞ্চলত ৷

১৯৯৫ চনত স্থাপন হোৱা কৃষ্ণাই অঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ  ইংৰাজী মাধ্যমৰ বিদ্যালয় মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ দ্বিতীয় দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় বাৰেৰহণীয়া সংস্কৃতিক শোভাযাত্ৰাৰে ৷

ৰাতিপুৱা ১০.৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° চৈয়দ আব্দুল আজিমে৷

বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে নাম-প্ৰসংগৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক সংস্কৃতিক শোভাযাত্ৰাত সুন্দৰকৈ উপস্থাপন কৰে ৷

কৃষ্ণাই মণ্টেছৰী বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাৰ দলটোৱে কৃষ্ণাই বজাৰৰ মাজেৰে পৰিভ্ৰমণ কৰি বিদ্যালয় চৌহদত পুনৰ শোভাযাত্ৰাৰ সামৰণি মাৰে৷

শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীৰ সৈতে কেইবা শতাধিক স্থানীয় ৰাইজ তথা অভিভাৱকে অংশগ্ৰহণ কৰে৷