সাৱধান ৰাইজ! শুৱালকুছিৰ পাট কাপোৰৰ নামত অসাধু ব্যৱসায়ীৰ প্ৰবঞ্চনা, গৰজি উঠিল মুখ্যমন্ত্ৰীৰ সমষ্টিৰ তাঁত শিল্পী

বস্ত্ৰনগৰী শুৱালকুছিৰ কথা আমি সকলোৱে জানো। পাট-মুগাৰ কাপোৰ বুলিলে আমাৰ মনলৈ আহে শুৱালকুছিৰ কথা ৷ যাক কোৱা হয় অসম বা উত্তৰ-পূৱৰ মানচেষ্টাৰ ৷

কিন্তু বৰ্তমান ভাৰত বিখ্যাত বস্ত্ৰনগৰী আজিৰ পৰিবেশ বা শুৱালকুছিৰ কাপোৰৰ নামত গুৱাহাটীত চলি থকা প্ৰৱঞ্চনাৰ বিষয় লৈ নিশ্চয় আপোনালোক অৱগত নহয়।

অসাধু ব্যৱসায়ীয়ে শুৱালকুছিৰ পাট বুলি গুৱাহাটীত বিক্ৰী কৰি আছে নকল পাট কাপোৰ। ফাঁচী বজাৰৰ মঞ্জু চিল্ক-সম্পূৰ্ণা ৱেডিংচে শুৱালকুছিৰ পাট কাপোৰ বুলি নকল পাট কাপোৰৰ ব্যৱসায় চলোৱাৰ অভিযোগ উঠিছে।

শনিবাৰে গুৱাহাটীৰ এগৰাকী যুৱতীয়ে বিবাহৰ বাবে মঞ্জু চিল্ক-সম্পূৰ্ণা ৱেডিংচৰ পৰা পাট কাপোৰ ক্ৰয় কৰিছিল। কাপোৰ কেইজোৰ কিনাৰ পাছত কিছু সন্দেহ ওপজাত কাপোৰ কেইজোৰ শুৱালকুছিৰ টেষ্টিং চেণ্টাৰলৈ লৈ যায়।

টেষ্টিং চেণ্টাৰত টেষ্ট কৰোৱাৰ পাছত পোহৰলৈ আহে যে ক্ৰয় কৰা কাপোৰ কেইজোৰ শুৱালকুছিৰ পাটৰ কাপোৰ নহয়ষ বৰঞ্চ সেইয়া হৈছে বহিৰাগত কোম্পানীৰ অৰ্থাৎ বেনাৰসী কাপোৰ ,যাক শুৱালকুছিৰ পাট কাপোৰ বুলি বিক্ৰী কৰি থকা হৈছিল।

ঘটনাৰ উমান পোৱাৰ পাছতেই শনিবাৰে শুৱালকুছিৰ পৰা তাঁতীৰ দল আহি ফাঁচী বজাৰত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ।

প্ৰতিবাদৰ সময়তে মঞ্জু চিল্ক-সম্পূৰ্ণা ৱেডিংচৰ পঞ্চম মহলাতো খুলিবলৈ খোজাত দোকানৰ স্বত্বাধিকাৰীয়ে অসুস্থ হোৱাৰ ভাও জোৰে বুলি তাঁতীৰ দলটোৱে অভিযোগ কৰিছে।তাৰ পাছতেই দোকানৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ উপস্থিতিত তাঁতীৰ দলটোক বেয়া ব্যৱহাৰ কৰকৰে বুলি দলটোৰে এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত WICCI ৰ ৰাজ্যিক সভাপতি শ্বাহিন হুছেইনে কয় “মই শুৱালকুছিৰ তাঁত শিল্পৰে জৰিত লোকসকলৰ লগত এক মত। বহিৰাগত ব্যৱসায়ীয়ে অসমৰ উদ্যোগটোক নিঃশেষ কৰাৰ দিশে লৈ গৈ আছে। সেয়েহে মই অসমৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাওঁ যে তেখেতে এই ক্ষেত্ৰত অতি সোনকালে বিহীত ব্যৱস্থা গ্ৰহণ কৰে যেন।”

ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এই বিষয়ত কিছু তৎপৰ হোৱা দেখা পোৱা গৈছে যদিও এই বিষয়ত কোনো ধৰণৰ বিহীত ব্যৱস্থা হাতত লোৱা দেখা পোৱা ন’গল।

সেয়েহে আজি অৰ্থাৎ সোমবাৰে শুৱালকুছিত তাঁত শাল তথা বস্ত্ৰ উদ্যোগতো বন্ধ ৰখা হৈছে। বিভিন্ন সময়ত বস্ত্ৰ নগৰীত হোৱা প্ৰবঞ্চনাৰ কথা আমি শুনি আহিছো। কিন্তু ইয়াৰ কোনো সঠিক ব্যৱস্থা বৰ্তমান পৰ্যন্ত লোৱা দেখা পোৱা নগ’ল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শুৱালকুছিৰ শিপিনী সকলে সোনকালে পাট কাপোৰৰ নামত চলোৱা এই প্ৰবঞ্চনাৰ বিৰুদ্ধে যেন বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু বস্ত্ৰ নগৰী শুৱালকুছি খন যেন এনে ধৰণৰ প্ৰবঞ্চনাৰ বলি হব নালাগে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।