সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী

পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ড০ সুব্ৰমনিয়াম স্বামী। প্ৰায়ে প্ৰধানমন্ত্ৰী মোদীৰ নীতিৰ বিৰোধিতা কৰি অহা বিশেষকৈ অৰ্থনৈতিক নীতিৰ কঠোৰ সমালোচক সুব্ৰমনিয়াম স্বামীয়ে এইবাৰ পুনৰ প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

বিশিষ্ট অৰ্থনীতিবিদ হিচাপেও পৰিচিত স্বামীৰ অভিযোগ যে বিগত ৮বছৰে দেশৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে মোদী চৰকাৰ ব্যৰ্থ হৈছে।   

টুইটাৰত এটা প’ষ্ট দি প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে লিখিছে, ’’বিগত ৮ বছৰে আমি দেখিছো মোদীয়ে অৰ্থনৈতিক উন্নতিৰ লক্ষ্য পূৰণ কৰিব পৰা নাই। বৰঞ্চ ২০১৬ চনৰ পৰা বৃদ্ধিৰ হাৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় সুৰক্ষাও ব্যাপকভাৱে বাধাগ্ৰস্ত হৈছে। চীন সম্পৰ্কত মোদী অজ্ঞ। চম্ভালি উঠাৰ সুযোগ আছে। কিন্তু কেনেকৈ, সেইটো তেওঁ কি জানে?’’

স্বামীৰ এই প’ষ্টটোত বিভিন্নজনে মন্তব্য কৰিছে। কোনো এগৰাকীয়ে এনে পৰিস্থিতিত তেওঁ মোদীক কি পৰামৰ্শ দিব সেয়া জানিব বিচাৰে।

ইয়াৰ উত্তৰত সুব্ৰমনিয়াম স্বামীয়ে জনায়,’’অতীতৰ ঋষিসকলে তেওঁলোককেই জ্ঞান প্ৰদান কৰিছিল যিসকলৰ সেয়া গ্ৰহণ কৰাৰ দৰে শ্ৰদ্ধা থাকে।‘’

অৱশ্যে একাংশ বিজেপি অনুৰাগী নাগৰিকৰ দাবী যে এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ আসনখনত মোদীতকৈ যোগ্য কোনো নহয়।

লগতে পঢ়ক: শ্ৰীলংকাত ভোকাতুৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনা, এজন প্ৰতিবাদকাৰী নিহত

ইপিনে, প্ৰায়েই এইদৰে প্ৰধানমন্ত্ৰীৰ বিৰোধিতা কৰি গৈছে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে। বহুতেই দুবাৰকৈ মোদীৰ মন্ত্ৰীসভাত স্থান নোপোৱাৰ বাবেই স্বামীয়ে এইদৰে মোদী বিৰোধিতা কৰা বুলি ক’বলৈকো এৰা নাই। যোৱা বছৰ দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটিৰ পৰাও বাদ দিয়া হৈছিল স্বামীক।

আনহাতে, বহুতৰেই দাবী যে কাৰণ যিয়েই নহওক, সুব্ৰমনিয়াম স্বামীৰে মুখেৰে কিন্তু প্ৰকৃত কথাখিনিয়েই ওলাইছে।