• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী উৎকোচ গোচৰত ছ’ৰছৰ ষড়যন্ত্ৰ, আমেৰিকাৰ প্ৰতি অভিযোগ! বাইডেনক লক্ষ্য কৰি হাউচৰ সদস্যৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2025 7:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ আমেৰিকাৰ কংগ্ৰেছৰ ৰিপাব্লিকান সদস্য লেন্স গুডেনে ঔদ্যোগিক গৌতম আদানী, তেওঁৰ ভতিজা সাগৰ আৰু কেইবাজনো সহযোগীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত দাখিল কৰা উৎকোচৰ গোচৰটো ইচ্ছাকৃত বুলি অভিযোগ উত্থাপন কৰিছে। একে সময়তে দেশৰ এটৰ্নী জেনেৰেল মেৰিক বি গাৰ্লেণ্ডলৈ লিখা এখন পত্ৰত তেওঁ দাবী কৰে যে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰে পৰৱৰ্তী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক বিপদত পেলোৱাৰ এই ষড়যন্ত্ৰক সমৰ্থন কৰিছিল। টেক্সাছৰ পৰা প্ৰতিনিধি সদনলৈ নিৰ্বাচিত হোৱা গুডেনে আশংকা প্ৰকাশ কৰিছে যে আদানী উৎকোচ কেলেংকাৰীয়ে নতুন দিল্লী-ৱাশ্বিংটনৰ সম্পৰ্কত প্ৰত্যক্ষ নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট কোৰ্টে শুকুৰবাৰে নিৰ্দেশ দিয়ে যে আমেৰিকাত আদানী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে একেলগে দেৱানী আৰু অপৰাধমূলক গোচৰ চলি থাকিব। জিলা ন্যায়াধীশ নিকোলাছ জি গাৰাফিছক তিনিটা সম্পৰ্কীয় গোচৰৰ বিচাৰৰ দায়িত্ব দিয়া হৈছে। অভিযোগ অনুসৰি গৌতমৰ মালিকানাধীন আদানী গ্ৰীণ এনাৰ্জি লিমিটেডে অন্ধ্ৰপ্ৰদেশকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰী বিষয়াক (মন্ত্ৰী আৰু জনপ্ৰতিনিধিকে ধৰি) উৎকোচ দি বজাৰ মূল্যতকৈ অধিক মূল্যত সৌৰশক্তিৰ বিক্ৰীৰ বাবে কোট লাভ কৰিছিল। উৎকোচৰ পৰিমাণ ২৬৫ মিলিয়ন ডলাৰ (২০২৯ কোটি টকা)। সেই ধন ভুৱা তথ্য ব্যৱহাৰ কৰি আমেৰিকাৰ বজাৰৰ পৰা উলিওৱা হৈছিল। ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন (এছইচি) আৰু ন্যায় বিভাগে ২১ নৱেম্বৰত নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট কোৰ্টত আদানী গোটৰ বিৰুদ্ধে ‘অভিযোগ’ দাখিল কৰে।

গুডেনে নিজৰ পত্ৰখনত অভিযোগনামাক প্ৰত্যক্ষভাৱে দায়বদ্ধতাহীন বুলি অভিহিত কৰিছে। ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ট্ৰাম্পে। ক্ষমতা সলনিৰ পূৰ্বে আদানীক লৈ আমেৰিকাৰ ৰাজনীতিত এক নতুন বিতৰ্ক আৰম্ভ হৈছে। প্ৰসংগক্ৰমে ডিচেম্বৰ মাহত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত, আদানী উৎকোচ কেলেংকাৰীক লৈ বিৰোধীয়ে প্ৰতিবাদৰ সময়ত বিজেপিয়ে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দাবী কৰিছিল যে ছ’ৰোছে ভাৰতত অস্থিৰতা সৃষ্টি কৰিব বিচাৰে। তেওঁৰ পৃষ্ঠপোষকতাত অ’চিচিআৰপি (অৰ্গেনাইজড ক্ৰাইম এণ্ড কৰ্পচন ৰিপ’ৰ্টিং প্ৰজেক্ট)য়ে আদানীৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদনত প্ৰভাৱ পেলাইছে। সেই সময়ত মোদী চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে দাবী কৰিছিল যে ছ’ৰছ সমৰ্থিত সংগঠনটোৰ সৈতেও ছোনিয়া গান্ধীৰ সম্পৰ্ক আছে। এইবাৰ আমেৰিকাৰ কংগ্ৰেছত ট্ৰাম্পৰ দলৰ সদস্যসকলেও আদানী উৎকোচ কেলেংকাৰীক লৈ মাত মাতিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd