ধেৎতেৰি! সম্ভোগৰ সময়ত স্বামীৰ মুখত হঠাৎ অন্য মহিলাৰ নাম : কি কৰা যায়?

হঠাতে সলনি হৈছে নেকি আপোনাৰ স্বামীৰ আচৰণ? কেতিয়াবা অজানিতে আপোনাৰ আগত বাৰে বাৰে ক’বলৈ লৈছে নেকি আন মহিলাৰ কথা?

হয়। বহু সময়ত পুৰুষে নিজৰ স্ত্ৰী বা প্ৰেয়সীৰ সমুখত আৱেগিকভাবে আন নাৰীৰ কথা কয়। আনকি সম্ভোগৰ সময়তো কেতিয়াবা অনাকাংক্ষিতভাবে আন নাৰীৰ নাম মুখেৰে ওলাই যায়। নিজৰ পুৰুষজনৰ মুখত আন নাৰীৰ কথা শুনিলে মহিলাগৰাকীৰ মনত দুখ লগাটোৱেই স্বাভাৱিক। ই বিবাহইত জীৱনৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে।

এনে পৰিস্থিতি মহিলাসকলে কেনেকৈ চম্ভালিব? বিশেষজ্ঞসকলে কি কৈছে জানি লওক।

১) সকলোৰে মনত বিভিন্ন চিন্তা চলি থাকে। আপোনাৰ মনতো বহুত চিন্তাৰ সৃষ্টি হৈ থাকে।  আপুনি গোটেই দিনটো অকল সেইবোৰৰ কথাকে ভাবি থাকে। প্ৰথমে মনৰ পৰা নেতিবাচক চিন্তাবোৰ আঁতৰাই পেলাওক। বাস্তৱক গ্ৰহণ কৰিবলৈ শিকক। স্বামীৰ লগত অসুবিধাবোৰৰ বিষয়ে স্পষ্টকৈ কথা পাতক

২) আলোচনাৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিব পাৰি। কিন্তু আলোচনাৰ সঠিক সময় আছে। আপোনাৰ স্বামীৰ মেজাজ বুজি লওক। যদি তেওঁ কোনো বিশেষ কাৰণত বিচলিত হৈ আছে, তেন্তে এনে আলোচনা নকৰাটোৱেই ভাল। ইয়াৰ ফলত সমস্যাটো আৰু বেছি বেয়া হ’ব পাৰে। প্ৰয়োজন হ’লে ধৈৰ্য্য ধৰিব।

৩) কেৱল সন্দেহৰ ওপৰত ভিত্তি কৰই স্বামীৰ বিৰুদ্ধে অভিযোগ কৰি লাভ নাই। বৰঞ্চ প্ৰথমে নিশ্চিত হৈ লওক। তাৰ পিছত ব্যৱস্থা লওক। হয়তো আপোনাৰ স্বামীয়ে কৈ থকা মহিলাগৰাকী তেওঁৰ ভাল বন্ধু।

৪) যিকোনো বিষয় আলোচনা কৰোতে সদায় মুকলি মনৰ হওক। মনৰ মাজত চলি থকা সকলো কথা স্বামীক কওক। আৰু নিশ্চিতভাৱে আলোচনা কৰি থাকোঁতে তৰ্ক নকৰিব। কথা ক’বলৈ আৰু শুনিবলৈ সুযোগ দিয়ক।

৫) নিজৰ সমস্যাৰ বিষয়ে স্বামীৰ লগত ঘনিষ্ঠ আত্মীয় বা বন্ধু-বান্ধৱীৰ লগত আলোচনা নকৰিব। ইয়াৰ ফলত সমস্যা বাঢ়িব। গোপনে স্বামীৰ ফোন বা হোৱাটছএপ মেছেজ চেক নকৰিব।