ৰহাৰ ছুমিলাৰ হত্যাকাণ্ডৰ কথা পাহৰা নাই…

kp

ৰহাৰ ছুমিলাৰ হত্যাকাণ্ডৰ কথা পাহৰাৰ আগতে মনত ৰাখিবলগীয়া আৰু বহু কথা আছে। সমাজ গঢ়াৰ কথা সততে কৈ থকা আমিবোৰে কিন্তু কিছুমান অতি স্পৰ্শকাতৰ তথা সমাজত ঘটি থকা অপৰাধক নেদেখাৰ ভাও জুৰি থাকো।

সেই কণমানিজনীক মাৰি পেলোৱা দিনটোলৈ আমি কিয় ৰৈ থাকিলো ?? যিদিনাখন তাইক সেই ঘৰ খনলৈ কাম কৰা ছোৱালি হিচাপে আনিছিল প্ৰকৃতাৰ্থত সেইদিনাই তাইক বৌদ্ধিক আৰু মানসিক ভাৱে হত্যা কৰা হৈছিল ।

কিমান জন ভদ্ৰলোকে হয়তো চাহ খাই গৈছে হাঁহি হাঁহি, ঘৰখনৰ কত আড্ডাত ছাগে তাই চানাচুৰ আৰু পানীৰ যোগান ধৰিছিল তাৰ হিচাপ কোনে জানে?
কোনেও এবাৰলৈও প্ৰশ্ন নকৰিলে কিয় তাইক তেনেকৈ কাম কৰোওৱা হৈছে!! তেন্তে তাইক মাৰি পেলোৱাৰ পাছত হঠাৎ ইমান চিঞৰ বাখৰ কিয়?

আমি সাধাৰণতে অপৰাধ বুলিলে কি বুজো? হত্যা, ধৰ্ষণ, চুৰি,ডকাইতি ইত্যাদি ইত্যাদি। গোটেই জীৱন নিজকে এনে নাই কৰা বুলি সান্ত্বনা লৈ হাত সাৱতি বহি আছো। প্ৰকৃততে শিশুৰ হাতেৰে কাম কৰোৱাই নিজৰ ল’ৰা-ছোৱালীক “মানুহ” বনোৱাৰ সপোন দেখা প্ৰতিজন অমানুহেই একোজন হত্যাকাৰী।

তেওঁলোকে শিশুসকলক মানসিকভাৱে আৰু বৌদ্ধিকভাৱে হত্যা কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতক হত্যা কৰে।

মোক এতিয়া উত্তৰ দিব ছাগে আপোনালোকে যে এই ল’ৰা-ছোৱালী খুব দুখীয়া পৰিয়ালৰ। সেয়েহে কাম কৰি খোৱাৰ বাহিৰে তেওঁলোকৰ আন উপায় নাই।

হয়। আমি নিজেই দেখিছো কি পৰিস্থিতিত মাক দেউতাকে নিজৰ ল’ৰা-ছোৱালীক কাম কৰিবলৈ পঠায় । তেওঁলোক দুখীয়া। কিন্তু তেওঁলোকৰ সন্তানৰ কি ভুল?? দুখীয়া বাবেই সেইসকল শিশু নিজৰ মৌলিক অধিকাৰৰ পৰা বচ্ঞিত হব নেকি ? পঢ়িব নালাগে, খেলিব নালাগে? সপোন দেখাৰ অধিকাৰ আমাৰহে নেকি যাৰ শক্তি আছে, সমল আছে, আনক শোষণ কৰাৰ নিকৃষ্ট মনোবৃত্তি আছে?

ক’ৰবাত শিশু এটিয়ে কামকৰি থকা দেখিলেই লগে লগে ১০০ ডায়েল কৰি পুলিচক আৰু ১০৯৮ ডায়েল কৰি চাইল্‌ড লাইন ক জনাব পাৰোঁ। আমি সকলোৱে জানো। কিন্তু নকৰো। দায়িত্ত্ব লোৱাৰ ইচ্ছা আমাৰ নাই। সেই দিনটোলৈ আমি অপেক্ষা কৰোঁ যিদিনা শিশু টিক জ্বলাই দিয়ে আৰু আমি সামাজিক মাধ্যমত চিঞৰ-বাখৰ কৰোঁ।

 

আমাৰ সংগঠন অৰ্থাৎ বচপন বচাও আন্দোলনে পুলিচ আৰু জিলা সুৰক্ষা গোটৰ লগ লাগি শিশু শ্ৰমিক উদ্ধাৰ কৰোঁ । তাৰপাছত চিকিৎসকৰ দ্বাৰা মেডিকেল পৰীক্ষা কৰি শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰাওঁ। তেওঁলোকে সিদ্ধান্ত লয় শিশুটিক ক’লৈ পঠিওৱা হব। পৰিয়ালৰ কাষলৈ নে শিশু গৃহলৈ। তাৰপাছত? কি ব্যৱস্থা লোৱা হব শিশুটিৰ বাবে? পঢ়িব? পুনৰসংস্থাপন? ক্ষতিপূৰণ? নে পুনৰ আকৌ শিশু শ্ৰমিক হিচাপে নতুন কামত যোগ দিব?

যিহেতু আগৰ মালিকসকলৰ বিৰুদ্ধে আমি পুলিচ থানাত গোচৰ ৰুজু কৰিছো, তেওঁলোকে নিচ্ছয়কৈ পুনৰ সেই শিশুক কামত নিয়োগ নকৰে।

বাস্তৱক্ষেত্ৰত একো সমাধান নাই। আইনে কোৱাৰ দৰে তেনে শিশুৱে স্কুললৈ যোৱা নাই, ক্ষতিপূৰণ পোৱা নাই, পুনৰসংস্থাপন হোৱা নাই। গোটেই ব্যৱস্থাবোৰ মাত্ৰ কাগজত আৰু ৰিপ’ৰ্টত সীমাবদ্ধ। আমি এখনৰ পাছত আনখন চিঠি লিখি আছো আৰু লিখি থাকিম।

যেতিয়ালৈকে শিশুৰ প্ৰতি আমাৰ মানসিকতাৰ সলনি নহব তেতিয়ালৈকে হাজাৰজনী ছুমিলাৰ হত্যা হৈয়ে থাকিব। ভগৱান বিচাৰি মন্দিৰ, মছজিদ লৈ গৈ কি লাভ,যদিহে কণমানি শিশুটিৰ অন্তৰৰ বেদনা আমি শুনিবলৈ নাপাও। ঈশ্বৰে কেতিয়াও ক্ষমা নকৰে তেওঁৰ নিজৰে শিশুৰূপী অৱতাৰক কোনোবাই শোষণ কৰা অথবা হত্যা কৰা কাণ্ডক। আমাৰো সেয়ে প্ৰাৰ্থনা তেৰাজনলৈ।