চুমিলা ৰংহাংপী হত্যাকাণ্ড: নগাঁৱত এজনীয়া তদন্ত আয়োগৰ তদন্ত আৰম্ভ

তদন্ত সঠিক দিশত আগবাঢ়িছে— মধ্য অসমৰ আয়ুক্ত মলয় বৰা

sum

ৰাজ্যজুৰি জোকাৰণি সৃষ্টি কৰা নগাঁও জিলাৰ খাইগড়ত চুমিলা ৰংহাংপী নামৰ এগৰাকী কিশোৰী হত্যাৰ ঘটনাৰ তদন্ত কৰিছে ৰাজ্য চৰকাৰে। ২৬ এপ্ৰিলত অসম চৰকাৰে মধ্য অসমৰ আয়ুক্ত মলয় বৰাক লৈ গঠিত এজনীয়া তদন্ত আয়োগে  আজিৰ পৰা তদন্ত আৰম্ভ কৰে।

আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভণ আৰু আৰক্ষী অধীক্ষক অভিজিত গৌৰৱৰ লগতে অতিৰিক্ত উপায়ুক্ত কুমাৰ সুৰজিৎ বৰা, ৰহা ৰাজহ চক্ৰৰ বিষয়া, ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আৰক্ষীৰ অনুসন্ধানকাৰী বিষয়াৰ লগত এক বৈঠকত মিলিত হয়।

বৈঠকত আয়ুক্ত গৰাকীয়ে সমগ্ৰ বিষয়টো অতি নিখুঁতভাবে তদন্ত কৰিবৰ বাবে সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মধ্য অসমৰ আয়ুক্ত মলয় বৰাই জানিবলৈ দিয়ে যে ৰহাৰ হত্যাকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত চৰকাৰৰ ওচৰত ৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা হ’ব।

ইয়াৰ আগতে অতি কম সময়ৰ ভিতৰত ৰহা আৰু হামৰেণত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি তেওঁ ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লগতো নিজে কথা বতৰা পাতি বিষয়টো অনুসন্ধান কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

এই ঘটনাৰ তদন্ত সঠিকভাৱে আগবাঢ়িছে বুলি মন্তব্য কৰি আয়ুক্ত গৰাকীয়ে কয়-কিশোৰী গৰাকীক ঘৰত কাম কৰা হিচাপে ৰখা হৈছিল নে অধ্যয়নৰ বাবে আনিছিল সেই বিষয়টো তদন্তৰ আওতালৈ অনা হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে- দোষীক উপযুক্ত শাস্তি বিহাৰ লগতে আইন মতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইপিনে আজি আয়ুক্ত গৰাকীয়ে ঘটনাটো সংঘটিত হোৱাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে ঘটনাটোৰ সম্পৰ্কীয় নথি পত্ৰৰ বাবে ৰহা আৰক্ষী থানা পৰিদৰ্শন কৰে।

তেওঁ লগতে উল্লেখ কৰে যে- এই ঘটনাটো চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু সেইবাবে এখন তদন্ত আয়োগ গঠন কৰিছে। যিয়ে সকলো বিষয় তদন্ত কৰি দোষীক বিচাৰি উলিয়াই মৃত কিশোৰী গৰাকীৰ প্ৰতি ন্যায় প্ৰদান কৰিব। ইপিনে আয়ুক্ত গৰাকীয়ে পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও কাৰ্বি ছাত্ৰ সংগঠনৰ লগত আজি নগাঁৱত বিষয়টোৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়।

কাৰ্বি ছাত্ৰ সংগঠন কেইটাই কিশোৰী গৰাকীৰ হত্যাৰ সন্দৰ্ভত কেইবাটাও দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰদান কৰি হত্যাকাৰীক কঠোৰ শাস্তি বিহিবলৈ আয়ুক্ত গৰাকীৰ ওচৰত দাবী জনায়।

উল্লেখ্য যে ২২ এপ্ৰিলত ৰহা খাইগড়ত প্ৰকাশ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপীৰ নামৰ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

সেই দিনাৰ পৰাই এই ঘটনাক কেন্দ্ৰ কৰি নগাঁও, কাৰ্বি আংলঙকে ধৰি অসমৰ বিভিন্ন ঠাইত এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত বিভিন্ন সংগঠনে আন্দোলন কৰি আহিছে।