NORTHEAST NOW (Assamese)

শিমলুগুৰিত গ্ৰীষ্ম ৰং হস্তকলা আৰু মৃৎ শিল্প কৰ্মশালা

July 25, 2025 6:23 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগ আৰু বগৰিগুৰি শাখা সমিতিৰ সহযোগত গ্ৰীষ্ম ৰং হস্তকলা আৰু মৃৎ শিল্প কৰ্মশালা বগৰিগুৰি প্ৰাথমিক বিদ্যালয়ত আজি সামৰণি পৰে ৷ কৰ্মশালা সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

উক্ত অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক উৎপল কোঁৱৰ  শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি অভিজিৎ গগৈ সাংগঠনিক সম্পাদক নবাৱ কেৰিম বৰবৰা, প্ৰচাৰ সম্পাদক বাবলু আলি, আঞ্চলিক সমিতি উপ সভাপতি বিশ্ব কোঁচ, কৃতি শিক্ষয়িত্ৰী তথা লেখিকা মিতালী শমা সাংবাদিক বিপিন হাজৰিকা শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ  বৰগোহাঁই, উপ-সভাপতি বিশ্ব কোঁচ আদিকে ধৰি অভিভাৱক অভিভাৱিকা সকল উপস্থিত থাকে৷ শিমলুগুৰিৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দীপক ছেত্ৰীয়ে আত ধৰা অনুষ্ঠানটিত চিত্ৰশিল্পী ৰোহিত বৰুৱাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷

Related News