বিদ্যালয় শিক্ষাক ন ৰূপেৰে সজাবলৈ জাপানী প্ৰতিষ্ঠানেৰে সহযোগিতা ‘চুপাৰ ৩০’ খ্যাত আনন্দ কুমাৰৰ

Super 30's Anand Kumar

শিক্ষাৰ্থীসকলৰ বাবে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানেৰে বিদ্যালয় শিক্ষাক পুনৰ সংজ্ঞায়িত কৰাৰ উদ্দেশ্যে চুপাৰ ৩০-ৰ প্ৰতিষ্ঠাপক আৰু গণিতজ্ঞ আনন্দ কুমাৰে এক অনলাইন জাপানী প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা আগবঢ়াব।

এক প্ৰেছ বিবৃতি অনুসৰি যোৱা বছৰ স্থাপিত জাপানী প্ৰতিষ্ঠান ‘I’m beside you’- এ জাপানত আনন্দ কুমাৰৰ জনপ্ৰিয়তাৰ পিছত বিশ্বব্যাপী লাখ লাখ শিক্ষাৰ্থীৰ কাষলৈ কুমাৰৰ শিক্ষাদানৰ দক্ষতা বিস্তাৰৰ পৰিকল্পনা কৰিছে।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে প্ৰতিষ্ঠানটোৱে প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব অনুসৰি অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰে আৰু সমগ্ৰ সমাজক এক সীমাহীন বিদ্যালয় তৈয়াৰ কৰাৰ উদ্দেশ্যৰে সমগ্ৰ বিশ্বৰ পৰা সৰ্বশ্ৰেষ্ঠ শিক্ষাদানৰ শিক্ষাবিদৰ সহায়েৰে প্ৰতিজন ব্যক্তিক এক অনন্য আৰু অপৰিৱৰ্তনীয় ব্যক্তি হিচাপে সেৱা আগবঢ়াইছে।

”শিক্ষাৰ্থীসকলৰ ওচৰলৈ যোৱাৰ অনন্য পদক্ষেপৰ বাবে আনন্দ কুমাৰক সহযোগী হিচাপে লোৱা হৈছে। ই জাপান-ভাৰত সহযোগিতাৰ প্ৰতীক। এই প্ৰকল্পৰ জৰিয়তে দুটা জাপানী প্ৰতিষ্ঠানে বিশ্ববিখ্যাত শিক্ষাবিদ আনন্দ কুমাৰৰ সৈতে সহযোগিতা কৰে” ‘I’m beside you’ ৰ সভাপতি ৱাটাৰু কামিয়াই কয়।

“ইয়াৰ উপৰিও, আমি ভাৰতক বিশ্বব্যাপী সেৱা বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আধাৰ হিচাপে স্থান দিছো। আমি ভাৰতৰ ১.৪ বিলিয়ন লোকক সেৱা প্ৰদানৰ ব্যৱস্থা কৰিম। আনন্দ কুমাৰৰ সৈতে এয়া এক গুৰুত্বপূৰ্ণ সহযোগিতা।” তেওঁ বিবৃতিটোত কয়।

‘I’m beside you’ ৰ মুখ্য উদ্দেশ্য হৈছে সামগ্ৰিকভাৱে সমাজক এখন বিদ্যালয় তৈয়াৰ কৰা।

আনন্দ কুমাৰ তেওঁৰ অগ্ৰণী ”চুপাৰ ৩০” উদ্যোগৰ বাবে বিশ্বব্যাপী প্ৰশংসিত। চুপাৰ ৩০ -এ ভাৰতৰ অত্যন্ত কঠিন প্ৰতিযোগিতামূলক IIT প্ৰৱেশ পৰীক্ষাৰ বাবে সুবিধাবঞ্চিত দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সফলতা প্ৰদানৰ কৰাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে।