NORTHEAST NOW (Assamese)

ৱাকফ আইন সন্দৰ্ভত কেন্দ্ৰলৈ তিনিটা প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ! বৃহস্পতিবাৰে স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰিবনে ছুপ্ৰীম কোৰ্টৰ?

April 17, 2025 11:49 am · এন ই নাও নিউজ, গুৱাহাটী

উচ্চতম ন্যায়ালয়ে সংশোধিত ৱাকফ আইনখনৰ কেইবাটাও ধাৰাত স্থগিত ৰাখিব বিচাৰিছিল।যিসমূহ কেন্দ্ৰৰ অনুৰোধত উচ্চতম ন্যায়ালয়ে পিছুৱাই দিয়ে। কিন্তু স্থগিতাদেশ জাৰি নকৰাৰ পাছতো মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বিচাৰপীঠে নতুন আইনখনৰ তিনিটা দিশৰ ওপৰত কেন্দ্ৰৰ সৈতে প্ৰশ্ন উত্থাপন কৰিছে। বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত।

ৱাকফ সংশোধনী আইনখন মুছলমান স্বাৰ্থৰ বিৰুদ্ধে বুলি অভিযোগ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ এক বৃহৎ অংশই বৃহৎ আন্দোলনৰ পথত আগবাঢ়িছে। দেশজুৰি বিয়পি পৰিছে প্ৰতিবাদ। নতুন ৱাকফ আইনৰ বিৰোধিতাও উচ্চতম ন্যায়ালয়ত উপনীত হৈছে। কেৱল ইছলামিক সংগঠনেই নহয়, বিভিন্ন ৰাজনৈতিক দলেও ধাৰাবাহিকভাৱে গোচৰ ৰুজু কৰিছে। বুধবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কেভি বিশ্বনাথনৰ বিচাৰপীঠে।

সেই শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ৱাকফ আইনৰ তিনিটা বিষয় পৃথকে পৃথকে উল্লেখ কৰিছিল। প্ৰথমতে, ইতিমধ্যে ৱাকফ হিচাপে স্বীকৃতি পোৱা সকলো সম্পত্তি যদি ৱাকফৰ সম্পত্তিৰ পৰা উলিয়াই লোৱা হয়, তেন্তে ইয়াৰ সমাজত বৃহৎ প্ৰভাৱ পৰিব পাৰে। গতিকে ৱাকফৰ সম্পত্তি বেলেগ ধৰণে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা উচিত নহয়। দ্বিতীয়তে, ৱাকফ আইনখনে জিলা দণ্ডাধীশক ৱাকফ সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে। কিন্তু চৰকাৰী প্ৰতিনিধি হিচাপে জিলা দণ্ডাধীশে নিৰপেক্ষভাৱে সিদ্ধান্ত লব পাৰে নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। গতিকে উচ্চতম ন্যায়ালয়ৰ মতে জিলা দণ্ডাধীশে কাম কৰি যাব পাৰে কিন্তু তেওঁৰ সিদ্ধান্ত কাৰ্যকৰী নহব।

তৃতীয়তে, নতুন ৱাকফ আইনখনৰ বিৰোধীসকলৰ মতে ৱাকফ বৰ্ডত অমুছলমান সদস্য থাকিলে মুছলমানসকলৰ ধৰ্ম পালনৰ স্বাধীনতা হ্ৰাস পাব পাৰে। সেয়ে জেৰাৰ সময়ত ন্যায়াধীশৰ বিচাৰপীঠে কয় যে হিন্দু ধৰ্মৰ সম্পত্তি চোৱাচিতা কৰা বৰ্ডত অন্য ধৰ্মৰ সদস্যক স্থান দিয়া নহয়। ন্যায়াধীশ কুমাৰে তিৰুপতি বৰ্ডক উদাহৰণ হিচাপে উল্লেখ কৰে। মুখ্য ন্যায়াধীশে কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক প্ৰশ্ন কৰে, কেন্দ্ৰই হিন্দু ধৰ্মীয় ট্ৰাষ্টত মুছলমানক সদস্যপদ প্ৰদান কৰিবনে? এই প্ৰশ্নৰ উত্তৰ নিদিলে কেন্দ্ৰই। বুধবাৰে উচ্চতম ন্যায়ালয়ে ৱাকফ আইনৰ এই তিনিটা গোচৰ স্থগিত ৰাখিবলৈ বিচাৰিছিল। বৃহস্পতিবাৰে সেয়া হ’বনে নহয় তাক লৈ চৰ্চা চলিছে।

Related News